NORTHEAST NOW (Assamese)

মঙলদৈ জিলা কাৰাগাৰৰ ৩ গৰাকী বিচাৰাধীন বন্দীৰ শিক্ষাত অগ্ৰগতি

August 22, 2018 8:49 pm · ময়ূখ গোস্বামী
Updated: August 23, 2018 3:33 pm

শেহতীয়াভাৱে মঙলদৈ জিলা কাৰাগাৰৰ বিচাৰাধীন বন্দীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল প্ৰদৰ্শন কৰাটো পৰিলক্ষিত হৈছে। জিলা কাৰাগাৰখনৰ বিচাৰাধীন বন্দীসকলৰ ৩ গৰাকীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰস্তুতিমূলক কাৰ্যসূচীত (Bachelor Preparatory Programme) প্ৰথম ১০টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

৮০.৩৩ তাংশ নম্বৰেৰে প্ৰথম স্থান লাভ কৰা বন্দীগৰাকী হৈছে অৰূপজ্যোতি ডেকা। তেওঁ ইংৰাজী, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সমাজশাস্ত্ৰত লেটাৰ মাৰ্ক লাভ কৰিছে। আনহাতে, ধ্ৰুবজ্যোতি হাজৰিকা আৰু ইলিয়াছ পুৰ্তিয়ে ষষ্ঠ আৰু দশম স্থান লাভ কৰিছে। ধ্ৰুবজ্যোতিৰ নম্বৰ হৈছে ৭৩ শতাংশ আৰু ইলিয়াছৰ ৭১ শতাংশ।

সফলতা লাভ কৰা বিচাৰাধীন বন্দীসকলক কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে দৰং ডায়েটৰ (DIET) অধ্যক্ষ মাধৱ শৰ্মা, মঙলদৈ মেডিয়া চাৰ্কোলৰ কাৰ্যালয়ৰ উপদেষ্টা ভাৰ্গব কুমাৰ দাস, উপ সভাপতি হেমন্ত কুমাৰ বৰুৱা, সহকাৰী সম্পাদক গণেশ দত্তই জিলা কাৰাগাৰখন ভ্ৰমণ কৰি সফলতা লাভ কৰা অৰূপজ্যোতি,ধ্ৰুবজ্যোতি আৰু ইলিয়াছক গামোচা আৰু কিতাপেৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটোত মঙলদৈৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক আৰু নিৰ্বাচন বিষয়া অনন্ত গগৈ, জেইলৰ মুনীন্দ্ৰ নাথ শৰ্মা আৰু কাৰাগাৰৰ আন আন কৰ্মচাৰীও উপস্থিত আছিল।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়া বিপুল দাসৰ মতে পৰীক্ষাত ৰাজ্যখনৰ ১৭৪টা অধ্যয়ন কেন্দ্ৰৰ মুঠ ৩০৭৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল তাৰে ১৭১৭ গৰাকী উত্তীৰ্ণ হৈছিল। উত্তীৰ্ণৰ শতকাৰা হাৰ হৈছে ৫৭।

ইতিমধ্যে কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক ৰঞ্জন শৰ্মাই ফোনযোগে মঙলদৈ জিলা কাৰাগাৰৰ সাফল্য লাভ কৰা পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে আৰু অতি সোনকালে তেওঁলোকক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Related News