NORTHEAST NOW (Assamese)

আজিৰ পৰা আৰম্ভ হ’ল স্বাধীনতা দিৱস উদযাপনৰ তিনি দিনীয়া চৰকাৰী কাৰ্যসূচী

August 13, 2018 8:36 pm · অনিৰ্বাণ পাঠক
সংবাদমেলত কামৰূপ মহানগৰৰ উপায়ুক্ত। ফটো : য়ু বি।

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। এই উদ্দেশ্যে আজিৰ পৰা ৰাজ্যৰ আন জিলাসমূহৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে।

সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ স্বাধীনতা দিৱস উৎযাপন থলীত এখন সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে স্বাধীনতা দিৱসৰ বিভিন্ন চৰকাৰী কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দিয়ে।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি উপায়ুক্তজনে জানিবলৈ দিয়ে। একেদৰে কাইলৈ অৰ্থাৎ ১৪ আগষ্টৰ দিনা বিদ্যালয় সমূহত স্বাধীনতা সংগ্ৰামক বিষয় হিচাপে লৈ পোষ্টাৰ তৈয়াৰ কৰা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

“দেশৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে আৰু এই সংগ্ৰামৰ সেনানীসকলৰ বিষয়ে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে জনাৰ সুযোগ পাই তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ মনত দেশভক্তিৰ ভাব জগাই তোলাৰ বাবে প্ৰয়াস চলোৱা হৈছে।”, সংবাদমেলত উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে কয়।

উল্লেখযোগ্য যে ১৫ আগষ্টৰ পুৱা ৯ বজাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে আৰক্ষী আৰু সামৰিক বাহিনীৰ উপৰি বিভিন্ন শিজ্ক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ এন চি চি আৰু স্কাউট এণ্ড গাইডে অভিবাদন জনাব বুলি উপায়ুক্তই জানিবলৈ দিয়ে।

এই অনুষ্ঠানতে কেইবাগৰাকীও কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰাৰ উপৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্য পৰিৱেশন কৰা হ’ব।

ইয়াৰ উপৰি ১৫ আগষ্টৰ দিনা গুৱাহাটীৰ ১৪টা ছবি গৃহত দিনৰ এঘাৰ বজাত ছাত্ৰ-ছাত্ৰীৰ বাবে একোখনকৈ দেশপ্ৰেমমূলক ছবি বিনামূলীয়াকৈ প্ৰদৰ্শিত হ’ব বুলি উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে প্ৰকাশ কৰিছে। অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে এই ছবি চোৱাৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে শিক্ষানুষ্ঠানে প্ৰদান কৰা পৰিচয় পত্ৰ লৈ ছবি ঘৰলৈ যাব লাগিব বুলি তেওঁ জনায়।

ইপিনে বতৰৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ১৫ আগষ্টৰ দিনা আনবাৰতকৈ কম কাৰ্যসূচী ৰখা হৈছে বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

একেখন সংবাদমেলতে মহানগৰৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে সুৰক্ষাৰ দিশৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা বুলি জানিবলৈ দিয়ে।

তেওঁ কয়, “সকলো শ্ৰেণীৰ লোকে যাতে আহি সেইদিনা অনুষ্ঠান চাব পাৰে আৰু একে সময়তে যাতে সুৰক্ষাও সুনিশ্চিত হয়, তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা লোৱা হৈছে।”

আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে শৃংখলাবদ্ধতা ৰক্ষা কৰিবলৈও আহ্বান জনায়।

Related News