NORTHEAST NOW (Assamese)

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত তিনিদিনীয়া যোগ প্ৰশিক্ষণ শিৱিৰ

December 28, 2021 8:05 pm · এন ই নাও নিউজ, গুৱাহাটী

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (NSS) আৰু ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যৌথ উদ্যোগত বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ যোৰহাট শাখাৰ ব্যৱস্থাপনাত আমগুৰি মহাবিদ্যালয় আৰু ঘনকান্ত বৰা মহাবিদ্যালয়ৰ সহযোগত আজিৰেপৰা তিনিদিনীয়াকৈ এটি যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈছে।

আজি পুৱা ১০:৩০ বজাত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই। শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী তথা ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (এন এছ এছ)ৰ সমন্বয়ক জীৱন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশ লয় আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱাই।

বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ যোৰহাট শাখাৰপৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক যোগ প্ৰশিক্ষণ প্ৰদান কৰে যোৰহাট-শিৱসাগৰ বিভাগৰ বিভাগ প্ৰমুখ নলিনী শৰ্মা, যোগ প্ৰশিক্ষক ভাৰ্গৱ ভৰদ্বাজ ভূঞা আৰু শিক্ষাৰ্থী-কাৰ্যকৰ্তা মানস প্ৰতীম কলিতাই।

আজিৰ প্ৰশিক্ষণ শিৱিৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক আৰু ঘনকান্ত বৰা মহাবিদ্যালয়ৰ মুঠ ৬৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰে।

ঘনকান্ত বৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক প্ৰমথেশ ডেকা, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অধ্যাপক গীতা শৰ্মা, ড° কৰবী গগৈ, ড° অনিতা শৰ্মা, ড° গৌতম দাসো অনষ্ঠানটোত উপস্থিত থাকে।

অনুষ্ঠানত শলাগ জ্ঞাপন কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যুটীয়া সমন্বয়ক ড° জয়ন্ত পাঠকে।

Related News