DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

দক্ষিণ আফ্ৰিকাক বেকফুটলৈ ঠেলি চালকৰ আসনত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 8:43 pm
South Africa vs India 1st Test
229
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ মাটিত প্ৰথমটো টেষ্ট শৃংখলা জয়ৰ লক্ষৰে অৱতীৰ্ণ হোৱা ভাৰতে প্ৰথম টেষ্টৰ তৃতীয় দিনা আজি শক্তিশালী স্থিতিত উপনীত হৈছে। প্ৰথম ইনিংছত ৩২৭ ৰানত ইনিংছ সামৰা ভাৰতে আজি দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপৰ বিৰুদ্ধে সফল প্ৰদৰ্শন দাঙি ধৰিছে।

প্ৰথমদিনাৰ স্ক’ৰ ৩ উইকেটত ২৭২ ৰানৰ পৰা আজি খেল আৰম্ভ কৰি ৩২৭ ৰানতে ইনিংছ সামৰে। দক্ষিণ আফ্ৰিকাৰ পেচ বলিং আক্ৰমণে আজি ছন্দ ঘূৰাই পায় আৰু আজি ৫৫ ৰানৰ অন্তৰালত সকলো উইকেটৰ পতন ঘটায়।

প্ৰথম দিনাৰ দুই অপৰাজিত বেটাৰ ৰাহুল আৰু ৰাহানেই আজি ক্ৰমে ১২৩ আৰু ৪৮ ৰান কৰি বিদায় লয়। দুয়োজন বেটাৰ আউট হোৱাৰ পিছত কোনো এজন বেটাৰেই দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণৰ সন্মুখত প্ৰত্যাহ্বান জনাব নোৱাৰিলে।

দক্ষিণ আফ্ৰিকাৰ পেচাৰ লুঙ্গী এনগিডীয়ে ৬ টা উইকেট দখল কৰাৰ লগতে ৰাবাডাই ৩ টা আৰু জেনচেনে ১ টা উইকেট লাভ কৰে।

আনহাতে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছ আৰম্ভ কৰি ইনিংছৰ প্ৰথম অভাৰৰ পঞ্চম বলতেই উজুটি খায়। বুমৰাহে দলীয় স্ক’ৰ দুই ৰান হওঁতেই অধিনায়ক এলগাৰক বিদায় দিয়ে। ইয়াৰ পাছতেই দলে ৩২ ৰানত চাৰিটা উইকেট হেৰুৱাই বিপদত পৰে।

অৱশ্যে পঞ্চম উইকেটত সহ অধিনায়ক বাভুমা আৰু উইকেট ৰক্ষক বেটাৰ ডে ক’কে ৭২ ৰানৰ যুটি বান্ধি দলক এক সকাহ দিয়ে। ব্যক্তিগত ৩৪ ৰান কৰি ক’কে শাৰ্দুল ঠাকুৰৰ চিকাৰ হোৱাৰ পিছত ক্ৰীজলৈ অহা মূল্ডাৰ আৰু জেনচেনো বেছি সময় ক্ৰীজত নিটিকিল। বাভুমাই দললৈ সৰ্বাধিক ৫২ ৰান সংগ্ৰহ কৰি ছামিৰ বলত আউট হয়।

বাতৰি লিখা পৰলৈকে দক্ষিণ আফ্ৰিকাই ৮ উইকেটৰ বিনিময়ত ১৯২ ৰান সংগ্ৰহ কৰিছে। ৰাবাডাই ২৫ আৰু মহাৰাজে ৮ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে।

ভাৰতৰ হৈ ছামিয়ে ৪ টা আৰু শাৰ্দুল ঠাকুৰে ২ টা উইকেট দখল কৰিছে। এটাকৈ উইকেট পাইছে বুমৰাহ আৰু ছিৰাজে।

উল্লেখ্য যে আজি দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ ১১ সংখ্যক অভাৰত ভৰি মোচোকা খাই খেল পথাৰ এৰিবলৈ বাধ্য হয় বুমৰাহ। বৰ্তমানলৈকে বুমৰাহ আঘাত কিমান গুৰুতৰ সেই বিষয়ে জানিব পৰা নাই যদিও বিচিচিআইয়ে এটা টুইটত চিকিৎসা চলি আছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে টেষ্টখনৰ দ্বিতীয় দিনা বৰষুণৰ বাবে সম্পূৰ্ণ বাতিল হৈছিল।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd