NORTHEAST NOW (Assamese)

বজালীত ভয়ংকৰ দুৰ্ঘটনা : ৰাস্তা পাৰ হওঁতেই গাড়ীয়ে মহতিয়াই নিলে মাক আৰু দুই জীয়েকক

October 5, 2019 8:31 pm · শশাংক তালুকদাৰ
Updated: October 5, 2019 9:13 pm

আজি সপ্তমী পূজাত দুৰ্গাৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে বজালীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় একেটা পৰিয়ালৰে তিনিজন ক্ৰমে মাক আৰু দুই জীয়েক।

দুৰ্ঘটনাটোত নিহত তিনিজন হ’ল ক্ৰমে মাক মনোৱাৰা পাৰবিন, জীয়েক জেছমীনা পাৰবিন আৰু মাছুমা পাৰবিন।

জানিব পৰা মতে বজালীৰ ৰাজাঘাটত মাক-জীয়েকে ৰাস্তা পাৰ হ’বলৈ লওঁতেই এ এছ ০১ ই ৪১২৪ নম্বৰৰ এখন দ্ৰুতবেগী ডাটচুন গো গাড়ীয়ে আটাইকেইজনকে মহতিয়াই নিয়ে।

ফলত দুৰ্ঘটনাটোত থিতাতে একেলগে নিহত হয় মাক আৰু দুই জীয়েক। বিলাসীপাৰাৰ পৰা নিজ পিতৃ গৃহলৈ আহিছিল মহিলা গৰাকী।

ইফালে ভৱানীপুৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক আটক কৰি এক গোচৰ ৰুজু কৰিছে।

আনহাতে দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজনকৈ লোক নিহত হোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Related News