কলিয়া ভোমোৰা দলঙত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন নিহত

INTEX_AQUA_LIONS_3_20181108_185804

দুৰ্ঘটনাত আহতসকলৰ কেইজনমানক তেজপুৰৰ মিছন হাস্পাতলত ভৰ্তি কৰা হৈছে। ফটো : নৰ্থইষ্ট নাও

তেজপুৰৰ কলিয়া ভোমৰা দলঙত আজি সন্ধিয়া হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৩ জন লোক আহত হৈছে।

কলিয়া ভোমোৰা দলঙৰ মাজত এখন চলন্ত ট্ৰাকত যাত্ৰীবাহী এখন ট্ৰেভেলাৰে খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আন এজনৰ হাস্পাতলত মৃত্যু হয়।

দুৰ্ঘটনাটোত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ ০৯চি ৮৫৮৮ আৰু ট্ৰেভেলাৰখনৰ নম্বৰ এ এছ ১২ এ চি ১৮৩৭। যাত্ৰীবাহী ট্ৰেভেলাৰখন তেজপুৰৰ গুটলঙৰ পৰা নগাঁৱৰ চুলুং বৰঘুলিলৈ আহি আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, দুৰ্ঘটনাটোত মৃত্য হোৱা তিনিজনৰ দুজনক চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল আহমেদ আলী(২৫) আৰু আল্পনা বৰা(৩৫)। আল্পনা বৰাৰ তেজপুৰ মিছন হাস্পাতালত মৃত্যু ঘটে।

ইপিনে, আহত সকলৰ ভিতৰত দুজন উন্নত চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে ৬ জনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আৰু বাকী কেইজনক তেজপুৰ মিছন হাস্পাতলত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে।