• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ কৃষক মুক্তিৰ গোট গঠন

অসমৰ বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে সৰ্বানন্দ সোনোৱাল চৰকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 16, 2020 3:35 pm
flood11
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড্-১৯ মহামাৰী সংক্ৰমণৰ ফলত দেশজুৰি চলি থকা লকডাউন প্ৰভাৱে অৰ্থনৈতিক আৰু সামাজিক ভাৱে সৰ্বসাধাৰণ ৰাইজক চৰম বিপৰ্যয়ৰ দিশে গতি কৰোৱাৰ পিছত অসমত এতিয়া ইটো পিছত সিটো বানপানী সৃষ্টি হোৱাত জ্বলা-কলা খাব লগা হৈছে বানপীড়িত ৰাইজ।

চৰকাৰে সময়মতে মাথাউৰী নিৰ্মান তথা মেৰামতি নকৰাৰ ফলত অসমৰ কেইবাটাও ঠাইত শেহতীয়াকৈ অভাৱনীয় বান প্রতিস্থিতিৰ উদ্ভৱ হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Apply Now

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজু বৰা, ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই যে কয় যে অসমৰ বান আৰু গৰাখহনীয়া পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰ আৰু জলসম্পদ বিভাগ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ ৰাইজৰ পৰা সংগ্ৰহ কৰা খবৰ অনুসৰি কামৰূপ(গ্ৰাম্য) জিলা আৰু বাক্সা জিলাৰ পুঠিমাৰী আৰু বৰলীয়া নদীৰ মথাউৰী ছিঙাৰ ফলত বিস্তৃত অঞ্চল বানৰ কবলত পৰিছে। ঠিক তেনেকৈ বৰপেটা আৰু নলবাৰী জিলাৰ পহুমৰা, বেকী,মানাহ,পাগলাদিয়া, নদী আৰু বঙাইগাঁও জিলাৰ আই নদীৰ বান আৰু গৰাখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে।

উজনি অসমৰ যোৰহাট, মাজুলী, দেৰগাঁৱকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশী শতাংশতকৈয়ো অধিক এলেকা পানীত বুৰ যোৱাৰ ফলত ইয়াৰ বন্যপ্ৰাণী সমূহৰ তীব্ৰ খাদ্য সংকট আৰু প্ৰাণৰ সংশয় আহি পৰিছে। ইতিমধ্যে বহু জীৱ- জন্তু মৃত্যু মুখত পৰিছে।

তিনিচুকীয়া জিলাৰ বাঘজানত অইলৰ খাদ বিস্ফোৰণৰ ঘটনাত যোৱা ডেৰ মাহতকৈয়ো অধিক সময় ধৰি নিজৰ সা-সম্পত্তি হেৰুৱাৰ দুখ শেষ নওঁতেই পুনৰ সেই অঞ্চলৰ ৰাইজ বানৰ কবলত কক বকাই থাকিব লগা হোৱা কথাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই যে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে তাক প্ৰমাণ কৰি দিছে।

অন্য অঞ্চল সমূহৰ দৰে মধ্য অসমৰ কলিপি নদীৰ বাঢ়নী পানীয়ে নগাঁও, মৰিগাঁও অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰা দেখা গৈছে। প্ৰতি বছৰে বান নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা ধার্য কৰাৰ লগতে বিভিন্ন আঁচনি হাতত লোৱা হয় যদিও কাৰ্যতঃ ৰূপায়ণ কৰাত যে বিজেপি চৰকাৰ ব্যৰ্থ সেয়া ইতিমধ্যে অসমৰ ৰাইজে দেখিছে।

সময়মতে মাথাউৰী নিৰ্মান কৰিব নোৱৰা এই চৰকাৰ খনে এতিয়া বান শিবিৰত সাহায্য দিবলৈও ব্যৰ্থ হৈছে। খাদ্য আৰু পানীৰ অভাৱত মানুহ তথা পোহনীয়া জীৱ জন্তুৰ মাজত হাহাকাৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে।

ইতিমধ্যে অসমত ৫০ ৰো অধিক লোকে বানপানীত নিজৰ জীৱন হেৰুৱাব লগা হোৱাৰ পিছতো সমগ্ৰ চৰকাৰখনে বান পৰিস্থিতি নিয়ন্ত্ৰণ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱা পৰিলক্ষিত হৈছে।

তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ অষ্ট্ৰলক্ষ্মীৰ অসমৰ খবৰ কেৱল ফোনযোগে লাভ কৰি দায়িত্ব সামৰিছে। কিন্তু আজি পর্যন্ত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰি বান নিয়ন্ত্ৰণ কৰা কামত অৱহেলা প্ৰদৰ্শন কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে যি সমূহ নিৰ্বাচনী আশ্বাস আগবঢ়াইছিল, তাৰ তিলমানো পূৰণ কৰিবলৈ সমৰ্থ নহ’ল।

ব্ৰহ্মপুত্ৰ খনন কৰি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, গড়াখহনীয়া ৰোধৰ বাবে মেনগ্ৰভ ৰোপণ কৰা আদি আঁচনি হাতত লব দূৰৰ কথা সময়তে মাথাউৰি নিৰ্মাণ তথা মেৰামতি কৰা, জিঅ’ বেগৰ ব্যবস্থা কৰা, পাৰকুপাইনৰ ব্যৱস্থা কৰা নহ’ল। আনকি বিগত বছৰ কেইটাৰ বান সাহাৰ্যই আজি পৰ্যন্ত মুকলি নহ’ল।

অসমৰ ৰাইজক কৰা প্ৰতাৰণা আৰু অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ বাবে আজি তিনিটা গোট গঠন কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱা আৰু দুৰ্গত সকলৰ মাজলৈ গৈ সহায়- সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

উক্ত গোটে অহা ১০ দিনৰ ভিতৰত সমগ্ৰ বান বিধ্বস্ত অঞ্চলৰ পৰিস্থিতি অধ্যয়ন কৰি অসমৰ ৰাইজৰ প্ৰাপ্য অধিকাৰ আজুৰি আনিবলৈ প্ৰয়োজনত আন্দোলন ঘোষণা কৰিব সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত স্পষ্ট কৰি দিয়ে ।

Tags: Assam Flood
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd