বঙাইগাঁৱৰ ধনতোলাত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক তিনি জুৱাৰী

বঙাইগাঁও জিলাৰ ধনতোলাত বুধবাৰে সন্ধিয়া আৰক্ষীয়ে আচম্বিতে চলোৱা অভিযানত তিনিজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীৰ জালত পৰা জুৱাৰী তিনিজন ক্ৰমে অভয়াপুৰী থানাৰ অন্তৰ্গত ধনতোলা গাঁৱৰ তফিল উদ্দিন শ্বেখৰ পুত্ৰ ৰমিজ উদ্দিন শ্বেখ, জালাল উদ্দিন আহমেদৰ পুত্ৰ মাকফাৰুল আহমেদ আৰু আব্দুল খালেকৰ পুত্ৰ ওছমান আলী ৷

আটকাধীন জুৱাৰী তিনিজনৰ পৰা আৰক্ষীয়ে ৭৭ খন তাচপাত, নগদ ২,৭০০ টকা আৰু দুুটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰে৷