NORTHEAST NOW (Assamese)

নামতিৰ মৰেল পুলিচিঙৰ ঘটনাৰ সংক্ৰান্তত তিনিজনক আটক

August 14, 2019 3:42 pm · পার্শ্বজোতি গগৈ
Updated: August 14, 2019 4:28 pm

ৰাজ্য কপোৱা শিৱসাগৰ জিলাৰ নামতিৰ মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত কালি অৰ্থাৎ মঙলবাৰে ৰাতি নামতি আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰে।

আৰক্ষীয়ে আটক কৰা ব্যক্তি তিনিজনক নামতি বজাৰৰ লেচী পদুম গগৈ, সঞ্জীৱ শইকীয়া আৰু প্ৰশান্ত দুৱাৰা বুলি চিনাক্ত কৰা হৈছে। নামতি আৰক্ষীৰ পৰিদৰ্শক দুৰ্লেন্দ্ৰ চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লোক তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোককেইজনে আৰক্ষীৰ আগত তেওঁলোকে শান্তনুক মাৰধৰ কৰি হাত-ভৰি বান্ধি ৰ’দত ৰাস্তাত বহাই থৈছিল বুলি  স্বীকাৰ কৰে। ইয়াৰ পিছতহে আন লোকসকল ঘটনাস্থলীত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে উক্ত ঘটনাৰ এটা ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ যোৱাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনহাতে ঘটনা সন্দৰ্ভত যোৱা সোমবাৰে শিৱসাগৰ আৰক্ষী অধীক্ষকে এক নিউজ চেনেলৰ আগত শান্তনুৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱা হোৱা নাছিল বুলি কৈছিল।

অৱশ্যে এটা বিশেষ সূত্ৰই জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শান্তনুৰ পেটত আঘাতৰ চিন পোৱাৰ ওপৰিও শৰীৰৰ হাড় ভাঙিছিল আৰু শৰীৰৰ ভিতৰত ৰক্তক্ষণ হোৱা বুলি উল্লেখ আছে।

অভিযুক্ত লোককেইগৰাকীক আজি নামতি আৰক্ষীয়ে নাজিৰা আদালতত হাজিৰ কৰাই আৰু আদালতে তেওঁলোকক তিনি দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Related News