NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত হিজবুল মুজাহিদিনৰ তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

January 30, 2021 10:33 am · এন ই নাও নিউজ

জম্মু-কাশ্মীৰৰ অৱান্তিপুৰাত শুকুৰবাৰে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনগৰাকী হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

কাশ্মীৰৰ আই জি পি বিজয় কুমাৰ শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

‘‘নিহত হোৱা সন্ত্ৰাসবাদী কেইজনৰ মোবাইল ফোনৰ মেটাদাতা বিশ্লেষণ কৰি ইয়াৰ আই পি-পৰিচয় পাকিস্তানৰ বুলি নিশ্চিত কৰা হৈছে,’’ বিজয় কুমাৰে লগতে কয়।

আনহাতে, নিহত সন্ত্ৰাসবাদী তিনি গৰাকীৰ ভিতৰত এগৰাকী পাকিস্তানৰ শীৰ্ষস্থানীয় সন্ত্ৰাসবাদীৰ সৈতে সংযোগত থকাৰ তথ্য লাভ কৰা হৈছে বুলিও কুমাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা বাহিনীৰ ৰাষ্ট্ৰীয় ৰাইফল আৰু চি আৰ পি এফে সন্মিলিতভাৱে আৱান্তিপুৰাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

বিশেষ সূত্ৰৰ পৰা উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীয়ে ঘাটি পতাৰ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটো উক্তস্থানত উপস্থিত হয় আৰু অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক দেখা মাত্ৰকে উক্ত স্থানত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী বাহিনীলৈ উদ্দেশ্য কৰি গুলিবৰ্ষণ কৰে প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে ওলোটাই গুলি চলোৱাত হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদী তিনিজনৰ মৃত্যু হয়।

Related News