NORTHEAST NOW (Assamese)

বিজেপিত একেলগে যোগদান তিনিশ নিবনুৱাৰ

April 27, 2019 7:15 pm · কল্পজ্যোতি শইকীয়া
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শনিবাৰে নিবনুৱা সন্থাৰ সভাপতিকে ধৰি তিনিশ সদস্যৰ বিজেপিত যোগদান। ফটো : নৰ্থইষ্ট নাও

সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমণি হাজৰিকাৰ লগতে ৩০০ সদস্যই আজি বিজেপিত যোগদান কৰে। তদুপৰি, অনুপমা দেৱী, (অধিবক্তা, উচ্চ ন্যায়ালয়) আৰু প্ৰদীপ কুমাৰ ডেকায়ো(ডিব্ৰুগড়ৰ অভিযন্তা) আজি গেৰুৱা দলটোত যোগদান কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এক আনুষ্ঠানিক যোগদান কাৰ্যসূচীত উক্ত লোকসকলে দলটোত যোগদান কৰে।

উল্লেখ্য যে, নীলমণি হাজৰিকাই কিছুদিন পূৰ্বে তেওঁৰ সন্থাৰ অন্য সদস্যসকলৰ সৈতে দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰিছিল। কিন্তু তাৰ কেইদিনমান পাছতেই বিজেপিত যোগদান কৰা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আজি দলটোত যোগদান কৰা যুৱকসকলৰ বেছিভাগৰে বয়স ১৮ ৰপৰা ২৫ বছৰৰ ভিতৰত।

ইপিনে, আজি যোগদান কাৰ্যসূচীৰ পূৰ্বে মুখ্য মন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিয়ে। হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সভাপতি ৰঞ্জিত দাসে দলৰ হৈ কৃতজ্ঞতা জনায়।

মুখ্য মন্ত্ৰী সোণোৱালে অনুষ্ঠানত ভাষণ দি কয়, ‘’সাংবাদিকক ধন্যবাদ জনাবৰ বাবে মাইকটো হাতত তুলি লৈছো। প্ৰতিটো পৰ্যায়ৰ সতীৰ্থ কৰ্মীৰ সহযোগত বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে ৰাইজৰ কাষলৈ গৈ আশীষ লৈছিলো। সাংবাদিকসকলেও প্ৰখৰ ৰ’দকো নেওচি বহু কষ্ট কৰিলে। অতি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে ভোটদান কৰিছে। সাংবাদিকেও বিশেষ ভূমিকা লৈ ৰাইজৰ মাজলৈ বাৰ্তা কঢ়িয়াই নিছিল।‘’

তেওঁ লগতে কয়, ‘’মিলা প্ৰীতিৰে কাম কৰিলে বহু কাম কৰিব পাৰি। ইকৰাৰ সাধু কথা মৰ্মে মৰ্মে উপলব্ধি কৰো।‘’

Related News