• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ব্যৱসায়ীৰ টকা লুট কৰি বহিষ্কৃত হ’ল বিজেপি যুৱ মৰ্চাৰ তিনিজন নেতা

বিধায়ক ভাস্কৰ শৰ্মাৰ দেহৰক্ষীও নিলম্বিত; লুট কৰা টকা ঘূৰাই দিয়ালে নিশাই

মানসপ্ৰতিম গগৈ by মানসপ্ৰতিম গগৈ
August 21, 2019 3:10 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যৱসায়ীৰ পৰা ধন লুট কৰা মাৰ্ঘেৰিটা বিজেপি যুৱ মৰ্চাৰ তিনিজনকৈ নেতাক আজি দলীয় বিষয়বাবৰ পৰা আজি বহিষ্কাৰ কৰা হয়।

বহিষ্কৃত নেতাকেইজন হ’ল যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি বিতুপন শৰ্মা বৰুৱা, যুৱ মৰ্চাৰ আন এজন বিষয়ববীয়া সঞ্জিত গগৈ ওৰফে চুনু আৰু মিণ্টু কোঁচ৷

Apply Now

আজি সন্ধিয়া বিজেপিৰ সদৰ মণ্ডলে দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই কথা জানিবলৈ দিয়ে সভাপতি ভাদেশ্বৰ মৰাণে৷

খবৰ মতে, বিজেপি যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি বিতোপন শৰ্মা বৰুৱা, যুৱ মৰ্চাৰ আন এজন বিষয়ববীয়া সঞ্জিত গগৈ ওৰফে চুনু আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ গাৰ ছাঁৰ দৰে লাগি ফুৰা মিণ্টু কোঁচে শনিবাৰে নিশা মাৰ্ঘেৰিটাৰ এখন লাইন হোটেলত লক্ষাধিক টকা দাবী কৰিছিল। তাৰ পিছত আটাইকেইজনে ৫০ হেজাৰ টকা লুট কৰি নিয়াৰ উপৰি প্ৰতিমাহে ৩০ হাজাৰকৈ টকা কমিচন হিচাপে দিবলৈ হুমকি দিছিল। ১৭ আগষ্টৰ ৰাতি সংঘটিত এই গুণ্ডাগিৰিৰ খবৰ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল।

উক্ত ৰাতি বিধায়ক ভাস্কৰ শৰ্মাক বিমান বন্দৰত আগ বঢ়াই থ’বলৈ যোৱা তিনিওজন বিজেপিৰ কৰ্মকৰ্তাই বিধায়কজনৰ দুজন দেহৰক্ষীক লৈ বিধায়কৰ গাড়ীৰে মাৰ্ঘেৰিটালৈ উভতি অহাৰ সময়তে ডিগবৈৰ পাৱৈস্থিত ভগৱান ধাবাত প্ৰৱেশ কৰে৷

ধাবাৰ পাছফালে পে’ট্ৰল-ডিজেলৰ চোৰাং ব্যৱসায় দেখা পাই তিনিওজনে বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ বুলি জাহিৰ কৰি ১ লাখ টকা দাবী কৰে।

তাতে ক্ষান্ত নাথাকি গুণ্ডাগিৰিৰে ধাবাৰ কৰ্মচাৰী এজনক মাৰ-ধৰো কৰে৷ দাবী-ধমকিৰে তিনি বিজেপি নেতাই ধাবাখনৰ পৰা নগদ ৫০ হেজাৰ টকা কাঢ়ি লৈ যায়৷

ইয়াৰ পিছতে ঘটনাটো বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পায়। ঘটনা সন্দৰ্ভত জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰা বিধায়ক ভাস্কৰ শৰ্মাই এই তিনি বিজেপি কৰ্মকৰ্তাক সকলো কাম-কাজৰ পৰা অব্যাহতি দিয়ে৷

আনহাতে বিধায়কজনৰ নিদেৰ্শত নিশাই উক্ত ধন অভিযুক্তৰ ঘনিষ্ঠই ধাবাখনত ঘূৰাই দি আহে৷ জানিব পৰামতে, উক্ত ঘটনাত জড়িত বিধায়ক ভাস্কৰ শৰ্মাৰ দেহৰক্ষী প্ৰদীপ বৰদলৈকো নিলম্বিত কৰাৰ লগতে ঘটনাত জড়িত আন এজন অসম আৰক্ষীৰ বেটেলিয়ান জোৱানৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

মানসপ্ৰতিম গগৈ

মানসপ্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd