NORTHEAST NOW (Assamese)

ঢকুৱাখনাৰ কেঁকুৰীত মহিলাসহ দুই ছাত্ৰক পথতে ঘপিয়াই হত্যাৰ চেষ্টা

November 21, 2018 5:43 pm · মিটু খাটনিয়াৰ

আজি দুপৰীয়া মাজুলীৰ সীমামূৰীয়া ঢকুৱাখনাৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত উজনি পমুৱা কেঁকুৰী গাঁৱত সংঘটিত এক ভয়ংকৰ আক্ৰমণৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ মাজুলী।

ঘটনা বিৱৰণী মতে কেঁকুৰী গাঁৱৰ মণিকান্ত নামৰ এজন ব্যক্তিয়ে একে গাঁৱৰে পমুৱা প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী পল্লৱী পেগু (৩৬)ক বিদ্যালয়লৈ আহি থাকোতে পথতে ঘপিয়াই হত্যাৰ চেষ্টা কৰে। লগতে বিদ্যালয়লৈ আহি থকা পল্লৱীৰ কণমানি পুতেক জ্ঞান পেগু নামৰ ছাত্ৰজনকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

আনকি ইমানতো ক্ষান্ত নাথাকি পুনৰ নিৰণ পেগু নামৰ আন এজন দশম শ্ৰেণীৰ ছাত্ৰক দেখা পাই দাৰে ঘপিয়াই।

ইফালে দুজন ছাত্ৰসহ এগৰাকী মহিলাক এনেদৰে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মণিকান্ত নামৰ ব্যক্তিজনে মাজুলী দিশে পলায়ন কৰে। অৱশ্যে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি আক্ৰমণকাৰী মণিকান্তক খেদি খেদি কৰায়ত্ত কৰে।

লগতে তিনিজনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা মণিকান্তকো স্থানীয় উত্তেজিত ৰাইজে দা-যাঠিৰে হানি-খুঁচি গুৰুতৰভাৱে আহত কৰে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আজি দিনতে সংঘটিত এই হত্যাকাণ্ডই ঢকুৱাখানা অঞ্চলৰ লগতে সমগ্ৰ মাজুলীতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News