• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঢকুৱাখনাৰ কেঁকুৰীত মহিলাসহ দুই ছাত্ৰক পথতে ঘপিয়াই হত্যাৰ চেষ্টা

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , November 21, 2018 5:43 pm

1 min read

ঢকুৱাখনাৰ কেঁকুৰীত মহিলাসহ দুই ছাত্ৰক পথতে ঘপিয়াই হত্যাৰ চেষ্টা
595
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া মাজুলীৰ সীমামূৰীয়া ঢকুৱাখনাৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত উজনি পমুৱা কেঁকুৰী গাঁৱত সংঘটিত এক ভয়ংকৰ আক্ৰমণৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ মাজুলী।

ঘটনা বিৱৰণী মতে কেঁকুৰী গাঁৱৰ মণিকান্ত নামৰ এজন ব্যক্তিয়ে একে গাঁৱৰে পমুৱা প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী পল্লৱী পেগু (৩৬)ক বিদ্যালয়লৈ আহি থাকোতে পথতে ঘপিয়াই হত্যাৰ চেষ্টা কৰে। লগতে বিদ্যালয়লৈ আহি থকা পল্লৱীৰ কণমানি পুতেক জ্ঞান পেগু নামৰ ছাত্ৰজনকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

আনকি ইমানতো ক্ষান্ত নাথাকি পুনৰ নিৰণ পেগু নামৰ আন এজন দশম শ্ৰেণীৰ ছাত্ৰক দেখা পাই দাৰে ঘপিয়াই।

ইফালে দুজন ছাত্ৰসহ এগৰাকী মহিলাক এনেদৰে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মণিকান্ত নামৰ ব্যক্তিজনে মাজুলী দিশে পলায়ন কৰে। অৱশ্যে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি আক্ৰমণকাৰী মণিকান্তক খেদি খেদি কৰায়ত্ত কৰে।

লগতে তিনিজনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা মণিকান্তকো স্থানীয় উত্তেজিত ৰাইজে দা-যাঠিৰে হানি-খুঁচি গুৰুতৰভাৱে আহত কৰে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আজি দিনতে সংঘটিত এই হত্যাকাণ্ডই ঢকুৱাখানা অঞ্চলৰ লগতে সমগ্ৰ মাজুলীতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd