শাৰদীয় দুৰ্গা পূজাৰ উচাহৰ মাজতে দুৰ্গাদেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰাৰ অভিযোগত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন নাৱালক।
ৰাজ্যখনৰ পাপুম পাৰে জিলাৰ দৈমুখ নামৰ ঠাইখনত বহু কাল আগৰ পৰাই দুৰ্গাপূজা পাতি আহিছে স্থানীয় বজাৰ কল্যাণ সমিতিয়ে।
কিন্তু এইবাৰৰ পূজাত যোৱা ৫ আৰু ৬ অক্টোবৰৰ ৰাতি কোনো দুষ্কৃতিকাৰীয়ে অঞ্চলটোৰ দুঠাইত দুটা পূজা মণ্ডপত মূৰ্তিবোৰ লণ্ডভণ্ড কৰে।
পূজা উদযাপন কমিটীয়ে পূৰ্বে কেতিয়াও এনেকুৱা হোৱাৰ উদাহৰণ নাই বুলি জানিবলৈ দিয়ে।
ঘটনাটোৰ পিছতে এজাহাৰ দিয়া স্থানীয় লোকৰ দাবী, দুয়োটা ঘটনা দেখাত একে ধৰণৰ। স্থানীয় লোকসকল ঘাইকৈ নিছী সম্প্ৰদায়ৰ।
জিলাখনৰ আৰক্ষী অধীক্ষক জিমী চিৰমে ইয়াক সাম্প্ৰদায়িক বুলি ক’বলৈ অস্বীকাৰ কৰে।
“এইটো কিছুমান মানুহৰ মাজত থকা ব্যক্তিগত শত্ৰুতাৰ বাবে হ’ব পাৰে। আমি এতিয়ালৈকে তিনিজনক গ্ৰেপ্তাৰ কৰিছো আৰু আইনমতে ব্যৱস্থা লোৱা হ’ব”, আৰক্ষী অধীক্ষকজনৰ মন্তব্য।
অঞ্চলটো অৰুণাচল প্ৰদেশ পশ্চিম লোকসভা সমষ্টিৰ অন্তৰ্গত, যাক প্ৰতিনিধিত্ব কৰি আছে বিজেপি চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে।