• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

অগ্নিকাণ্ডৰ সময়ত এন আই চি ইউত মুঠ ৩৯টা নৱজাত শিশু আছিল। পৰিস্থিতি বুজি উঠি চিকিৎসক, নাৰ্ছ আৰু কৰ্তব্যৰত চিকিৎসালয়ৰ অন্যান্য কৰ্মচাৰীসকলে দ্ৰুতগতিত উদ্ধাৰৰ কাম আৰম্ভ কৰে।

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
August 24, 2026 9:20 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৱাই চিকিৎসালয়খনৰ এন আই চি ইউত অগ্নিকাণ্ড সংঘটিত হয়। চকুৰ সন্মুখতে জুই জ্বলি আছিল আৰু ভিতৰত তেতিয়া বহু নৱজাত কেঁচুৱা। জীৱন ৰক্ষাৰ বাবে খৰখেদাকৈ উদ্ধাৰ কাম আৰম্ভ কৰা হয়। কিন্তু সকলো প্ৰচেষ্টাৰ পিছতো মৰ্মান্তিক পৰিণতি এৰাই চলিব পৰা নগ’ল।

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা চিকিৎসালয়ৰ এন আই চি ইউত অগ্নিকাণ্ডত ৩টি নৱজাতকৰ মৃত্যু ঘটে। ঘটনাৰ পিছত আৰু কেইবাটাও শিশুক ক্ষীপ্ৰতাৰে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

Apply Now

প্ৰাথমিক তথ্য অনুসৰি সোমবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত অমৰাৱতী জিলা মহিলা চিকিৎসালয়ৰ তৃতীয় মহলাৰ এন আই চি ইউত অগ্নিকাণ্ড সংঘটিত হয়। চিকিৎসালয়ৰ সূত্ৰই প্ৰথমে জনোৱা মতে, এন আই চি ইউৰ ভেণ্টিলেটৰ হঠাতে বিস্ফোৰণ হোৱাত ক্ষীপ্ৰতাৰে জুই বিয়পি পৰে। কিছু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চলটো ধোঁৱাৰে ভৰি পৰে।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত এন আই চি ইউত মুঠ ৩৯টা নৱজাত শিশু আছিল। পৰিস্থিতি বুজি উঠি চিকিৎসক, নাৰ্ছ আৰু কৰ্তব্যৰত চিকিৎসালয়ৰ অন্যান্য কৰ্মচাৰীসকলে দ্ৰুতগতিত উদ্ধাৰৰ কাম আৰম্ভ কৰে। এটা এটাকৈ কেঁচুৱাকেইটা এন আই চি ইউৰ পৰা নিৰাপদ স্থানলৈ লৈ যোৱা হয়।

অৱশ্যে জুই আৰু ধোঁৱাৰ ফলত একাংশ কেঁচুৱা গুৰুতৰভাৱে আহত হয়। শেষত তিনিটা কেঁচুৱাক বচাব পৰা নগ’ল। প্ৰাথমিকভাৱে খবৰ পোৱা গৈছে যে অগ্নিকাণ্ডত দগ্ধ হোৱাৰ বাবে তেওঁলোকৰ মৃত্যু হয়। ইফালে আৰু ছটা নৱজাতকক ক্ষীপ্ৰতাৰে ছুপাৰ স্পেচিয়েলিটি হস্পিতাললৈ স্থানান্তৰ কৰা হয়। তাত চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁলোকৰ শাৰীৰিক অৱস্থা এতিয়াও সংকটমুক্ত নহয়।

ঘটনাৰ পিছতে চিকিৎসালয় চৌহদত আতংক বিয়পি পৰে। ভেন্টিলেটৰৰ পৰা কেনেকৈ জুই আৰম্ভ হ’ল, যন্ত্ৰটোত কোনো কাৰিকৰী ত্ৰুটি আছিল নেকি আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত উদ্ধাৰ কামত কোনো সমস্যা হৈছিল নেকি, এই সকলোবোৰ বিষয়ৰ তদন্ত কৰা হ’ব বুলি ধাৰণা কৰা হৈছে।

অগ্নিকাণ্ডৰ সঠিক কাৰণ আৰু কেঁচুৱা তিনিটাৰ মৃত্যুৰ সবিশেষ তথ্য এতিয়াও পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাৰ কথা। চিকিৎসালয়খনৰ অগ্নিনিৰ্বাপক ব্যৱস্থা আৰু এন আই চি ইউৰ সঁজুলিৰ কাম-কাজ সম্পৰ্কেও তদন্তৰ আওতালৈ আহিব পাৰে।

পুৱাৰ ভাগত চিকিৎসালয়খনৰ এক অতি স্পৰ্শকাতৰ অংশত ভয়ংকৰ অগ্নিকাণ্ডই স্বাভাৱিকতে কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰে। কৰ্তৃপক্ষই এতিয়া জুই কেনেকৈ আৰম্ভ হৈছিল আৰু সুৰক্ষা ব্যৱস্থা কিমান ফলপ্ৰসূ আছিল, বিশেষকৈ য’ত একে সময়তে ইমানবোৰ নৱজাত শিশুৰ চিকিৎসা কৰা হৈছিল, সেই বিষয়ে তৎপৰ হৈছে। স্থানীয় আৰক্ষীয়েও এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd