তিনিজন অচিনাক্ত সন্দেহযুক্ত বাংলাদেশী গৰুৰ চোৰাং কাৰবাৰীক কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বগৰীজান চাহ বাগিচাত এদল লোকে হত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিতকৃষ্ণই দেওবাৰে কয়,’’তদন্তত পোৱা গৈছে যে সন্দেহযুক্ত বাংলাদেশী নাগৰিককেইজনে অঞ্চলটোৰ পৰা গৰু চোৰ কৰিবলৈ অবৈধভাৱে আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰিছিল। যোৱা ১৮ জুলাইত তেওঁলোকক অজ্ঞাত দুৰ্বৃত্তই হত্যা কৰে।‘’
অধীক্ষক কৃষ্ণই লগতে কয় যে বাংলাদেশত নিৰ্মিত ৰচী, তাঁৰকাটা কটা সঁজুলি, তাঁৰ, বেগ আৰু খাদ্য সামগ্ৰী নিহত চোৰাং গৰু কাৰবাৰীকেইজনৰ পৰা উদ্ধাৰ কৰা হয়।
তেওঁ কয় যে পৰৱৰ্তী অনুসন্ধান আৰু কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে।
আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে সন্দেহযুক্ত বাংলাদেশী নাগৰিককেইজনক চিনাক্তকৰণ সন্দৰ্ভত বাংলাদেশৰ বিজিবিৰ সৈতে বিএছএফৰ জৰিয়তে আলোচনা চলাই থকা হৈছে।
বিএছএফে জানিবলৈ দিয়া মতে চলিত সপ্তাহৰ দুদিনমানৰ ভিতৰতে এশতকৈয়ো অধিক গৰু অবৈধভাৱে ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।