• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টংলা পৌৰসভাৰ নিৰ্মম বগলী হত্যাৰ ঘটনা; কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩ জনক গ্ৰেপ্তাৰ

চাজিদ খান by চাজিদ খান
July 1, 2021 4:22 pm
Tangla Municipal board in cattle egreat killing

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টংলা পৌৰসভাৰ অবিবেচক তথা নিৰ্মম সিদ্ধান্তৰ ফলত প্ৰায় ২৫০ টা বগলীৰ মৃত্যুৰ ঘটনাত টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩জনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

টংলা বন বিভাগৰ বিট অ’ফিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ওদালগুৰিৰ ডিএফঅ’ এন কে বৰদলৈয়ে এইকথা নিশ্চিত কৰিছে।

পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শান্তনু কুমাৰ দাসৰ উপৰি আন দুজন হৈছে কনিষ্ঠ অভিযন্তা সদানন্দ চহৰীয়া আৰু কৰ্মচাৰী মিলন চাংমা।

অভিযুক্তকেইজনক ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

টংলা বন সংমণ্ডলৰ পৰা তৰা এক গোচৰৰ ভিত্তিত Section 50/51/9 of Wildlife Protection Act 1972ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে অতিমাৰী কৰ’না’ৰ দোহাই দি যোৱা ২৪ জুনত টংলা পৌৰসভাই শতাধিক বগলী হত্যা কৰাৰ পিছতে সমগ্ৰ ঘটনা নৰ্থ-ইষ্ট নাওত ফাদিল হৈছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক তদন্তৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য ২৪ জুনৰ দিনা টংলা পৌৰসভাই ১ নং ওৱাৰ্ড’ৰ লোকজীৎ সুতাৰ’ৰ বাঁহ গছ’ত আশ্ৰয় লৈ থকা প্ৰায় ২৫০টা বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল।

মূল চহৰৰ পৰা কিছু আঁতৰত অৱস্থিত লোকজীৎ সুতাৰ’ৰ ঘৰৰ বাঁহত অন্য বছৰৰ দৰে এইবেলিও শ শ বগলী পোৱালি জগাবলৈ আহিছিল।

লোকজীৎ সুতাৰে জানিব দিছিল যে মাত্ৰ দুমাহ জিৰণি লৈ পোৱালি বোৰ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ পৰা বগলীবোৰ আঁতৰি যায়।

প্ৰতি বছৰে সিঁহতৰ এই অহা যোৱা কাৰ্য্য চলি থাকে। কিন্তু নিৰ্দয়, হৃদয়হীন এচাম লোকৰ কৱলত পৰি তেওঁ লোকৰ সন্তানৰ লগতে, সিহঁতে পৰিয়ালবোৰ চিৰদিনৰ বাবে হেৰুৱালে।

এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ প্ৰকৃতি প্ৰেমী সকলৰ লগতে বৌদ্ধিক সমাজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লোকজীৎ সুতাৰৰ ঘৰত বছৰ বছৰ ধৰি বগলী চৰাইবোৰৰ এই কাৰ্য্য অব্যাহত আছে যদিও এইবাৰ হঠাতে কিয় বগলীয়ে পৰিবেশ বিনষ্ট কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হয়।

যোৱা জুন মাহৰ ৮ তাৰিখে চহৰ খনৰ ১ আৰু ২ নং ওৱাৰ্ড’ৰ পাঁচ ঘৰ পৰিয়ালৰ লোকক তেওঁ লোকৰ বাঁহবোৰ কাটিবৰ বাবে টংলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা নগৰ আৰু গাঁও উন্নয়ন পৰিকল্পনা বিভাগৰ ওদালগুৰি জিলাৰ সহ: সঞ্চালক শান্তনু কুমাৰ দাসে এক জাননী জাৰি কৰিছিল। কিন্তু কাৰ্য্যবাহী বিষয়া গৰাকীৰ এই জাননীৰ ওপৰত ভিত্তি কৰিয়ে পৌৰসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ তথা খালিংদুৱাৰ এম চি এল এ (MCLA) দিলীপ বড়োৰ লিখিত নিৰ্দেশত,পৌৰসভাই এনেদৰে বগলীবোৰ হত্যা কৰিছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd