গোৱালপাৰাতো বিয়পিছে সংক্রমণ; টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ তিনি শিক্ষক-কৰ্মচাৰী ক’ৰনাত আক্ৰান্ত

12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080

সমগ্ৰ ৰাজ্যখনৰ লগতে গোৱালপাৰা জিলাতো ক্ৰমান্বয়ে বাঢ়িবলৈ লৈছে ক’ৰনা আক্ৰান্তৰ সংখ্যা। ইতিমধ্য বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আক্ৰান্ত হৈছে ক’ৰনাৰ নৱতম ঢৌত ৷

চৰকাৰে এই ক্ষেত্ৰত নতুন এছ অ’পি জাৰি কৰিছে যদিও জনসাধাৰণ সতৰ্ক নোহোৱাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে ৷

শেহতীয়া তথ্য অনুসৰি জিলাখনৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ তিনি গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে ক’ৰনাত ৷ তেওঁলোক হৈছে পাৰ্থপ্ৰতীম চক্ৰৱৰ্ত্তী (শিক্ষক),মধুস্মিতা ডেকা (শিক্ষয়িত্ৰী) আৰু চেলিনা বিবি (ৰান্ধনী) ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে: অজাপ

স্বাস্থ্য বিভাগে ইতিমধ্যে তিনিও গৰাকীৰে ক’ভিড পজেটিভ বুলি ঘোষণা কৰিছে ৷

ইয়াকে লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল শংকিত হৈ পৰিছে।