জাগীৰোডৰ মনহা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীউঠাত শনিবাৰে তিনিগৰাকী কিশোৰীৰ সলিল সমাধি ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। শনিবাৰে দুপৰীয়া একেটা চুবুৰীৰ কিশোৰী তিনিগৰাকীয়ে গাঁৱখনৰ এটা পুখুৰীত গা ধুবলৈ যাওঁতে সলিল সমাধি ঘটে।
এই কৰুণ ঘটনাত মৃত্যুক আকোঁৱালি লোৱা কিশোৰী তিনিগৰাকী হৈছে কিৰণ ইংতি(১২), পৰিস্মিতা ইংতি(১১) আৰু মনালিছা ইংতি(১১)। কিশোৰী তিনিগৰাকীৰ মৃত্যুৰ খৱৰ পাছতে পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে, স্থানীয় দণ্ডাধীশৰ উপস্থিতিত কিশোৰী তিনিগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হয়।
এই মৰ্মান্তিক ঘটনাটোত নিহত হোৱা কিৰণ ইংতি হাতীউঠা মধ্য ইংৰাজী বিদ্যালয়ৰ,মনালিছা ইংতি হাতীউঠা প্ৰাথমিক বিদ্যালয়ৰ আৰু পৰিস্মিতা ইংতি বৰনলনী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী আছিল।
ইপিনে, এই শোকাৱহ ঘটনাটোৰ খবৰ ল’বলৈ জাগীৰোডৰ বিধায়ক তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা বিয়লি ঘটনাস্থলীত আহি উপস্থিত হয়।
শনিবাৰে সংঘটিত হোৱা এই শোকাবহ ঘটনাটোৱে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।