NORTHEAST NOW (Assamese)

কৃষ্ণাইত আৰক্ষীৰ জালত দুই লাখ নকল টকা সহ তিনিগৰাকী মহিলা

January 30, 2020 5:51 pm · নীলমণি শৰ্মা
কৃষ্ণাই আৰক্ষীৰ হাতত আটক হোৱা মহিলা তিনিগৰাকী

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি বুধবাৰে নিশা কৃষ্ণাই আৰক্ষী অভিযানকাৰী দল এটাই পাইকানত অভিযান চলাই বৃহৎ পৰিমানৰ নকল টকাৰ সৈতে তিনিগৰাকী মহিলাক আটকক কৰিবলৈ সক্ষম হয়।

জব্দ কৰা জাল টকাখিনিৰ পৰিমান আছিল এক লাখ ৭০ হেজাৰ টকা।

জানিব পৰা মতে, মহিলা তিনিগৰাকীয়ে জিলাখনৰ বলবলাৰ পৰা নকল টকাখিনি ব্যৱসায়ী চক্ৰ এটাৰ পৰা ৫০ হাজাৰ টকাত ক্ৰয় কৰি মেঘালয় অভিমুখে গৈ থকা অৱস্থাত কৃষ্ণাইৰ আৰক্ষীয়ে মহিলা তিনিগৰাকীক পাইকানত আটক কৰে।

আটক হোৱা মহিলা তিনি গৰাকীক আৰক্ষীয়ে নিৰোম্বী এছ চাংমা (২৮),ছমিকা চাংমা(২৯) আৰু পদুমী এছ চাংমা(২৫) বুলি চিনাক্ত কৰিছে।

তিনিও গৰাকী মহিলাৰ ঘৰ দুধনৈ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ নিচানগ্ৰামত বুলি জানিব পৰা গৈছে।

জব্দ কৰা জালনোট সমূহ আছিল তিনিটা ক্ৰমিক নম্বৰৰ দুশ টকীয়া নোট।

ক্ৰমিক নম্বৰ তিনিটা আছিল ক্ৰমে ৯৪৭১০২, ৯৪৭১০৩ আৰু ৯৪৭১০৪। ইতিমধ্যে আৰক্ষীয়ে জালনোট ব্যৱসায়ী চক্ৰটোক কৰায়ত্ত কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰিছে।

Related News