অচিৰেই প্ৰবল ধুমুহা-বজ্ৰপাত-বৰষুণে চুই যাব অসমকে ধৰি সমগ্ৰ উত্তৰ পূব

অচিৰেই বিজুলী-বজ্ৰপাত আৰু প্ৰবল বৰষুণে চুই যাব উত্তৰপূব।

ভাৰতৰ বায়ুবিজ্ঞান সংস্থা আইএমডিয়ে ভৱিষ্যদ্বাণী কৰাৰ মতে ২৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতক ধুমুহা-বৃষ্টিপাত হ’ব।

সংস্থাটোৱে কোৱা মতে, বংগোপসাগৰৰ পৰা এই ধুমুহা-বৰষুণ উত্তৰ পূবলৈ আহিব।

মাৰ্চৰ ৩০-৩১ তাৰিখে ইয়াৰ মাত্ৰা অধিক হ’ব বুলি সংস্থাটোৱে বৃহস্পতিবাৰে প্ৰদান কৰা এটা প্ৰেছ বিজ্ঞপ্তীত এই কথা প্ৰকাশ কৰিছে।

আনহাতে মাৰ্চৰ ২৫ৰ পৰা ২৭ তাৰিখলৈকে তাকৰীয়া বৰষুণ হ’ব আৰু ২৮-২৯ তাৰিখে ইয়াৰ মাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি হ’ব।