• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাস্থ্য নিদানঃ থোৰতে থায়ৰয়ড কেঞ্চাৰ

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
September 4, 2023 7:25 pm
Thyroid cancer
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থায়ৰয়ড নামটোৰ সৈতে হয়তো সকলোৱে পৰিচিত। মানৱদেহৰ থায়ৰয়ড গ্ৰন্থি হৈছে মানুহৰ ডিঙিৰ মাজত যিকেইদাল উশাহৰ নলিকা থাকে তাৰ দুকাষে থকা এটা পখিলাৰ আকৃতিৰ গ্ৰন্থি। ইস্থুমাছ বুলি এক কোষৰ সমষ্টিয়ে এই দুই সোঁ আৰু বাওঁ অংশক সংযুক্ত কৰি ৰাখে। দেহৰ আন আন গ্ৰন্থিবোৰে যিদৰে দেহৰ বিভিন্ন কাম-কাজ বা চলায় বা হ’ৰমন নিঃসৰন কৰে, একেদৰেই এই থায়ৰয়ড গ্ৰন্থিৰ কাম-কাজো বহুত। যেনেঃ- ১) হৃদস্পণ্ডনৰ গতি নিয়ন্ত্ৰণ কৰা, দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰা আৰু খাদ্যৰ পৰা শক্তি কিমান সোনকালে খাদ্যলৈ ৰূপান্তৰিত হয়(মেটাব’লিজিম), সেয়া নিয়ন্ত্ৰিত কৰা, ২) তেজত কেলচিয়ামৰ মাত্ৰা নিয়ন্ত্ৰিত কৰা, ৩) মগজুৰ উন্নয়ন আৰু, ৪) হাড়ৰ গঠনত ভূমিকা লোৱা ইত্যাদি।

মানৱদেহৰ এই অতি গুৰুত্বপূৰ্ণ থায়ৰয়ড গ্ৰন্থিও কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। এই গ্ৰন্থিৰ কোষত কেঞ্চাৰজনিত বা মেলিগনেন্ট কোষৰ সৃষ্টি হৈ থায়ৰয়ড গ্ৰন্থি কেঞ্চাৰ ৰোগাক্ৰান্ত হয়। এই কেঞ্চাৰ ৰোগৰ প্ৰকাৰো বহুকেইটা। মূলতঃ চাৰিপ্ৰকাৰৰ থায়ৰয়ড কেঞ্চাৰ ৰোগ আছে। এইকেইবিধ হৈছে-পেপিলেৰী, ফলিকিউলাৰ, মেডুলেৰী আৰু এনাপ্লাষ্টিক। ইয়াৰে এনাপ্লাষ্টিকবিধ ইমানেই ক্ষীপ্ৰ আৰু প্ৰাণঘাতী যে ইয়াৰ মাথোঁ চতুৰ্থ স্তৰ হে আছে। অৰ্থাৎ,চতুৰ্থ স্তৰৰ কেঞ্চাৰেই হয় এনাপ্লাষ্টিকৰ।

Apply Now

যদিহে প্ৰাৰম্ভিক পৰ্যায়ত কেঞ্চাৰ ৰোগ ধৰা পৰে, তেন্তে ইয়াৰ চিকিৎসা কৰাতো সহজ হয়। বয়স, লিংগ,ৰেডিয়েচনৰ প্ৰতি সংকুলতা আদিৰ ওপৰতো থায়ৰয়ডৰ কৰ্কটৰোগ হোৱা নিৰ্ভৰ কৰে। তলত এনে কৰ্কটৰোগ সৃষ্টিৰৰ কাৰক সন্দৰ্ভত কেইটামান তথ্য আগবঢ়োৱা হ’ল৷

১) থায়ৰয়ড গ্ৰন্থিৰ কৰ্কটৰোগ ২৫ ৰ পৰা ৬৫ ৰ ভিতৰত যিকোনো বয়সত হ’ব পাৰে৷ ২) এইবিধ কৰ্কটৰোগ পুৰুষৰ তুলনাত মহিলাৰ বেছিকৈ হোৱা পৰিলক্ষিত হয়৷ ৩) শিশু বা কিশোৰ অৱস্থাত থাকোতে মূৰ আৰু ডিঙিত ৰেডিয়েচন পৰাই,পৰৱৰ্তী সময়ত কৰ্কটৰোগ সৃষ্টি কৰিব পাৰে। ৪) থায়ৰয়ড গ্ৰন্থি বৃদ্ধি হোৱা গলগণ্ড ৰোগ(গয়টাৰ)ৰ ইতিহাস থাকিলে, ৫) পৰিয়ালত থায়ৰয়ড সমস্যা বা থায়ৰয়ড কেঞ্চাৰৰ ইতিহাস থাকিলে, কোনো ব্যক্তিৰ উপৰুক্ত কাৰকসমূহ থাকিলে আগতীয়াকৈ অধিক সাৱধান বা সচেতন হৈ থকা উচিত।

এতিয়া আহিছোঁ, থায়ৰয়ডৰ কৰ্কট ৰোগ হৈছে বুলি জানিব কিদৰে-সেই বিষয়লৈ। অৰ্থাৎ ইয়াৰ লক্ষণবোৰলৈ। লক্ষণ কেইটামান উল্লেখ কৰিছোঁ- ১) ডিঙিত সৃষ্টি হোৱা টেমুনা ২) উশাহ লোৱাত সমস্যা ৩) খাদ্য গিলোতে সমস্যা ৪) খাদ্য গিলোতে হোৱা ডিঙিৰ বিষ ৫) মাত গলগলীয়া হোৱা ইত্যাদি এই লক্ষণসমূহে দেখা দিলে ততা-তৈয়াকৈ চিকিৎসকৰ কাষ চপা জৰুৰী। তেতিয়া চিকিৎসকে প্ৰথমে থায়ৰয়ডৰ কৰ্কট ৰোগ নিৰ্ধাৰক বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাবলৈ দিব।

ইয়াৰ বিভিন্ন পৰীক্ষাসমূহ হৈছে- ১) শাৰীৰিক পৰীক্ষা আৰু স্বাস্থ্যৰ পূৰ্বৰ কথা ২) লেৰিংগ’স্ক’পী, য’ত চিকিৎসকে লেৰিংছ(ধ্বনিগ্ৰন্থি) পৰীক্ষণ কৰে ৩) তেজৰ হৰম’নৰ পৰীক্ষা ৪) আলট্ৰাচন’গ্ৰাফী ৫) চি টি স্কেন ৬) থায়ৰয়ডৰ ফাইন নিডল এছপাইৰেচন বায়’পছি ৭) ছাৰ্জিকেল বায়’পছি এইসমূহ পৰীক্ষাৰ যোগেদি যেতিয়া থায়ৰয়ডৰ কৰ্কটৰোগ ধৰা পৰে, তেতিয়া এই ৰোগৰ স্তৰ অৰ্থাৎ ৰোগটো কি পৰ্যায়ত আছে ৰোগ, সেই স্তৰ নিৰ্ণয় কৰা হয়৷

পৰীক্ষাৰ পিছত থায়ৰয়ডৰ কৰ্কটৰোগ ধৰা পৰিলে ইয়াৰ প্ৰকাৰ আৰু স্তৰভেদে ইয়াৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ৰোগীৰ বয়স আৰু থায়ৰয়ড কেঞ্চাৰ ৰোগৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা আৰম্ভ কৰা হয়। থায়ৰয়ড কেঞ্চাৰৰ বিভিন্ন চিকিৎসা পদ্ধতি কেইটামান হৈছে- ১) অস্ত্ৰোপচাৰ ২) ৰেডিঅ’এক্টিভ আয়’ডিন থেৰাপীসহ ৰেডিয়েচন থেৰাপী ৩) কেম’থেৰাপী ৪) থায়ৰয়ড হৰম’ন থেৰাপী ৫) টাৰ্গেটেড থেৰাপী ৬) ইমিউন’থেৰাপী আদি।

আকৌ, পেপিলেৰী আৰু ফ’লিকিউলাৰ থায়ৰয়ড কেঞ্চাৰৰ চিকিৎসাসমূহ সাধাৰণতে তলত দিয়া ধৰণৰ হয়- ১) অস্ত্ৰোপচাৰ(ট’টেল থায়ৰয়ডক্টমী,আৰু লবেক্টমী) ২) ৰেডিঅ’এক্টিভ আয়’ডিন থেৰাপী ৩) থায়ৰয়ড ছাপ্ৰেছন থেৰাপী ৪) এক্সটাৰ্নেল বীম ৰেডিয়েচন থেৰাপী এনেদৰে মেডুলেৰী আৰু এনাপ্লাষ্টিক থায়ৰয়ডৰো ভিন্‌ ভিন্‌ চিকিৎসা পদ্ধতি আছে। গতিকে ওপৰত উল্লেখ কৰা লক্ষণে দেখাজ দিলে ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক আৰু পলম নহওঁতেই চিকিৎসা গ্ৰহণ কৰক।

(লেখক ডাঃ বিক্ৰম কুমাৰ ডেকা দিল্লীৰ মেক্স হাস্পতালত কৰ্মৰত। তেখেত এগৰাকী কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক। চিকিৎসক ডাঃ বিক্ৰম কুমাৰ ডেকাৰ ফোনঃ-৯৫৬০৬৩০২০৫)

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd