দেওবাৰে হিমাচল প্ৰদেশৰ ধৰমশালাস্থিত তিব্বতৰ নিৰ্বাসিত কেন্দ্ৰীয় তিব্বতী প্ৰশাসনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে।
দেওবাৰে ভাৰতকে ধৰি ২৬ খন দেশত নিৰ্বাসিত জীৱন কটোৱা তিব্বতীসকলে হিমাচল প্ৰদেশৰ ধৰমশালাস্থিত নিৰ্বাসিত সংসদৰ লগতে পৰৱৰ্তী চিকয়ং (ৰাষ্ট্ৰপতি) নিৰ্বাচিত কৰাৰ বাবে সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।
তিব্বতী নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৱাংডু চেৰিঙয়ে কয় যে কেন্দ্ৰীয় তিব্বতীয় প্ৰশাসনৰ (চিটিএ) ৪৫ জন সদস্যৰে গঠিত নিৰ্বাসিত তিব্বতী সংসদ নিৰ্বাচনত ভাৰতকে ধৰি বিশ্বৰ ২৬ খন ৰাষ্ট্ৰত নিৰ্বাসিত জীৱন কটাই থকা তিব্বতী ভোটাৰসকলে ভোটদান কৰে।
উল্লেখ্য যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে প্ৰায় ১.৩ লাখ তিব্বতী লোকে নিৰ্বাসিত জীৱন কটাই আছে।
অৱশ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিশ্বৰ ২৬ খন দেশত নিৰ্বাসিত হৈ থকা ৮৩,০৭৯ গৰাকী তিব্বতী ভোটাৰে ভোটদান কৰিছে।
সূত্ৰটোৰ মতে তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ মুৰব্বীজনক ১৪ মে’ত নিৰ্বাচিত কৰিব।
উল্লেখ্য যে ২০১১ চনৰ পৰা হিমাচল প্ৰদেশৰ ধৰমশালাস্থিত নিৰ্বাসিত তিব্বতী সংসদৰ দ্বাৰা নিৰ্বাসিত তিব্বতী লোকসকলৰ গণতান্ত্ৰিক শাসন প্ৰদানৰ বাবে চিকয়ং নামৰ কেবিনেটৰ মুৰব্বীৰ পদটো সৃষ্টি কৰা হৈছিল।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চিকয়ং পদৰ বাবে আঠজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। পেম্পা চেৰিংয়ে সৰ্বাধিক ভোট (২৪,৪৮৮) লাভ কৰে আৰু তাৰ পিছত ডৰ্জী (১৪,৫৪৪)।