বনৰাজৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়া

King of jungle now receives a royal cremation in Assam

ছবি সৌজন্য-- infotea01.blogspot.com

বাঘক যুগ যুগ ধৰি মানি অহা হৈছে বনৰ ৰজাৰূপে। এতিয়া বনৰাজৰ অন্ত্যেষ্টিক্ৰিয়াৰো কৰা হৈছে ৰাজকীয় ব্যৱস্থা।

সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া কোনো বাঘৰ মৃত্যু হ’লে বনৰাজৰ শেষ যাত্ৰাত ব্যস্ত হৈ পৰিব লাগে বন বিষয়াৰ পৰা আৰম্ভ কৰি চিকিৎসক, বনকৰ্মীলৈকে এক বৃহৎ দল।

অকল বিভাগীয় ব্যক্তি থাকিলেই নহ’ব, বনৰাজৰ শেষ যাত্ৰাৰ বাবে বিশেষভাৱে বন বিভাগে আমন্ত্ৰণ কৰে বেচৰকাৰী সংগঠনৰ পৰা সাংবাদিকলৈকে।

উদ্ধাৰস্থলীতে সম্পন্ন কৰিব লাগে বনৰাজৰ শৱদাহ। ঠাইতে কৰিব লাগে মৰণোত্তৰ আৰু অংগ পৰীক্ষা; আৰু এই সমূহ প্ৰক্ৰিয়া ভিদিঅ’ ৰেকৰ্দিং কৰাটোও বাধ্যতামূলক।

তাৰোপৰি বনৰজাৰ অন্তিম যাত্ৰাত থকা সকলোৱে উপস্থিতিৰ চহী কৰাটোও বাধ্যতামূলক।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে সমগ্ৰ দেশজুৰি জাৰি কৰিছে এই সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ঢেকীয়াপতীয়াকে ধৰি সকলো বাঘৰ অংগৰ অভাৱনীয় চাহিদা আৰু চোৰাং ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে লৈছে এই পদক্ষেপ।

প্ৰাধিকৰণৰ নিৰ্দেশ মতে কোনো স্থানত বাঘৰ মৃতদেহ উদ্ধাৰ হ’লে বন বিভাগে ততালিকে এখন উচ্চ পৰ্য্যায়ৰ সমিতি গঠন কৰি ঘটনাস্থলীলৈ প্ৰেৰণ আৰু উপৰোক্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বাধ্যতামূলক৷

সমূহ ফট’ আৰু ভিডিঅ’ ৰেকৰ্ডিংসহ সবিশেষ প্ৰতিবেদন ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণলৈ প্ৰেৰণ  কৰাৰ লগতে প্ৰয়োজনত বনৰাজৰ মৃতদেহৰ নমুনাও ফৰেনচিক পৰীক্ষাত দাখিল কৰিব লাগে।

জ্বলোৱাৰ পিছত দাহথলীত বাঘৰ দেহৰ কোনো অংশ থাকি নোযোৱাৰ সঠিক প্ৰমাণো প্ৰেৰণ কৰিব লাগে।

ভাৰতৰ বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ এই ব্যৱস্থাই সম্প্ৰতি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে।