NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ নামদাঙত শ্ৰমিকৰ দাৰ ঘাপত নাহৰফুটুকী বাঘৰ মৃত্যু

October 9, 2020 9:32 pm · মানস প্ৰতীম গগৈ
Updated: October 9, 2020 10:52 pm

আজি সন্ধিয়া মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং অঞ্চলত শ্ৰমিকৰ দাৰ ঘাপত প্ৰাণ হেৰুৱাই এটা নাহৰফুটুকী বাঘে।

বাঘ আৰু শ্ৰমিকৰ মাজত হোৱা এই সংঘৰ্ষত এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, নামদাং অঞ্চলৰ শুকলাল নামৰ এজন শ্ৰমিকে মৰাণ নামৰ এখন ব্যক্তিগত চাহ বাগিছাত কাম কৰি থাকোঁতে বাগিছাখনত আশ্ৰয় লৈ থকা এটা নাহৰফুটুকী বাঘে আচম্বিতে আক্ৰমণ কৰে। ফলত নিজৰ জীৱন বচাবলৈ শ্ৰমিক জনে হাতত থকা দা খনেৰে বাঘটোক উদ্দেশ্যি উপৰ্য্যুপৰি আঘাত কৰাত বাঘটো বাগিছাখনৰ মাজলৈ পলাই যায়।

ইতিমধ্যে, ঘটনাটো অঞ্চলটোৰ সৰ্বত্ৰতে প্ৰচাৰ হৈ পৰাত শতাধিক লোক ঘটনাস্থলীত আহি উপস্থিত হৈ বন বিভাগক অৱগত কৰে।

অৱশ্যে, দীৰ্ঘ সময় অতিবাহিত হোৱাৰ পাছতো বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে বাগিছাখনিত বাঘটোৰ সন্ধান চলোৱাত বাগিছাখনৰ মাজত মৃত অৱস্থাত নাহৰফুটকী বাঘটো উদ্ধাৰ কৰে।

বিগত কিছু দিনৰ পৰা বাঘটোৱে অঞ্চলটোত পশুধন মাৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় লোকে ব্যক্ত কৰিছে যদিও খাদ্য সন্ধানত এই দৰে ওলাই আহি এটা নাহৰফুটুকীৰ নিহত হোৱাত প্ৰকৃতিপ্ৰেমী সকলে দুখ প্ৰকাশ কৰিছে।

Related News