NORTHEAST NOW (Assamese)

পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ

December 7, 2022 6:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 7, 2022 7:06 pm

মধ্যপ্ৰদেশৰ বিক্ৰমপুৰৰ পান্না বাঘ সংৰক্ষিত বনাঞ্চলত এটা দুবছৰীয়া বাঘৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ। বনাঞ্চলৰ ভিতৰত এজোপা ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে বাঘটোৰ মৃতদেহ।

ডিঙিত ক্লাচ তাঁৰেৰে বান্ধ খাই থকা বাঘটোৰ মৃতদেহ উদ্ধাৰৰ পাছতে বন বিভাগে আজি পুৱা এই কাণ্ডৰ তদন্তৰ বাবে সতনাৰ পৰা ডগ স্কোৱাডক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে।

স্থানীয় ছাটাৰপুৰ ৰেঞ্জৰ বন সংৰক্ষক বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে বাঘটো উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে বাঘটোৰ কিদৰে মৃত্যু ঘটে, নিশ্চিত হ’ব পৰা যাব বুলি তেওঁ লগতে কয়।

বন বিভাগে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, সাধাৰণতে চোৰাং চিকাৰীয়ে জন্তুৰ চিকাৰৰ বাবে এনেদৰে ফান্দ পাতে যদিও উদ্ধাৰ হোৱা বাঘটোৰ ক্ষেত্ৰত চোৰাংচিকাৰীৰ ভূমিকা নাই বুলি সন্দেহ কৰিছে।

ইয়াৰ পৰিৱৰ্তে স্থানীয় গাওঁবাসীয়ে আন জন্তুৰ চিকাৰৰ বাবে এই ফান্দ পাতে যদিও দুৰ্ভাগ্যৱশত: বাঘটো এই ফান্দত পৰে বুলি সন্দেহ কৰিছে বন বিভাগে।

বন বিভাগে লগতে গাঁওবাসীৰ ওচৰত এই সন্দৰ্ভত কোনো গোপনীয় তথ্য থাকিলে বন বিভাগক অৱগত কৰিবলৈ আহ্বান জনায়।

আনহাতে ঘটনাৰ সৈতে চোৰাংচিকাৰী জড়িত থকাৰ তথ্য পালে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত অভিযুক্ত চোৰাংচিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিভাগে লগতে কয়।

Related News