DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2022 7:17 pm
APSC
99
VIEWS
Share on FacebookShare on Twitter

অসম কেবিনেটে আজি অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত বাদ দিয়া হৈছে।

ৰাজ্যৰ অসম অসামৰিক সেৱা (এচিএছ), অসম আৰক্ষী সেৱা (এপিএছ) আৰু অন্যান্য সংশ্লিষ্ট সেৱাৰ বিষয়াক নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE)ত এতিয়াৰ পৰা কোনো ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত নাথাকিব।

আজি গুৱাহাটীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে এই বৃহৎ সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘এপিএছচি পৰীক্ষাৰ পৰা ঐচ্ছিক প্ৰশ্ন কাকত সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে।”

তেওঁ কয়, “এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিষয়ভিত্তিক ঐচ্ছিক প্ৰশ্ন কাকত নাথাকিব।” সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকততে সকলো বিষয় অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, “অসামৰিক সেৱাৰ বিষয়া হ’বলৈ হ’লে প্ৰতিটো বিষয়ৰ মৌলিক জ্ঞান থকাটো প্ৰয়োজন। গণিত বা বিজ্ঞানৰ দৰে বিষয় বাছি লোৱা কোনো পৰীক্ষাৰ্থীয়ে ঐচ্ছিক প্ৰশ্নকাকত দুখনত এশ শতাংশ নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। আনহাতে অসমীয়া বা ইংৰাজীৰ দৰে সাহিত্যৰ বিষয় বাছি লোৱা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত তেনে সুবিধা নাথাকে।”

মুখ্যমন্ত্ৰী শৰ্মাই লগতে আগন্তুক কেইদিনমানৰ ভিতৰত প্ৰায় ৭০০ পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন অসম লোকসেৱা আয়োগে প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd