নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ মুখত মণিপুৰৰ প্ৰসংগ! পৰিস্থিতি নিয়ন্ত্ৰণৰ কৃতিত্ব নিজকেই দিলে মোদীয়ে

Modi on Manipur

দীৰ্ঘসময়ৰ পাছত মণিপুৰ সম্পৰ্কত মৌনতা ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ পৰিস্থিতিৰ সৈতে সংবেদনশীলভাৱে মোকাবিলা কৰিবলৈ সামূহিক দায়বদ্ধতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰৰ সময়মতে হস্তক্ষেপ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ বাবে পৰিস্থিতিৰ লক্ষণীয় উন্নতি হোৱা বুলি উল্লেখ কৰে।

অসমৰ এক সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰ সংঘাত সমাধানৰ বাবে কেন্দ্ৰই নিজৰ উত্তম সম্পদ আৰু উৎকৃষ্ট প্ৰশাসনিক যন্ত্ৰ উচৰ্গা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, “সংঘাত তুংগত থকাৰ সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত থাকি বিভিন্ন অংশীদাৰৰ সৈতে ১৫ খনতকৈ অধিক বৈঠকত মিলিত হৈ সংঘাত সমাধানত সহায় কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে ৰাজ্য চৰকাৰৰ প্ৰয়োজন অনুসৰি সমৰ্থন আগবঢ়াই আহিছে৷”

লগতে প্ৰধানমন্ত্ৰীয়ে কয়, “সাহায্য আৰু পুনৰ আশ্ৰয়স্থল বিতৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গ্ৰহণ কৰা প্ৰতিকাৰমূলক ব্যৱস্থাসমূহৰ ভিতৰত ৰাজ্যখনৰ আশ্ৰয় শিবিৰত বাস কৰা লোকসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে আৰ্থিক পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে।”

উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহত মণিপুৰ এক দীঘলীয়া অস্থিৰতাত ডুব গৈছিল যেতিয়া মেইটেই জনগোষ্ঠীয়ে অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰৰ পাছত ৰাজ্যখনত জনগোষ্ঠীয় সংঘৰ্ষৰ সৃষ্টি হৈছিল। মেইটেইয়ে প্ৰতিবাদ আৰু অৱৰোধৰ আয়োজন কৰাৰ লগে লগে সমগ্ৰ মণিপুৰত সংঘৰ্ষ বিয়পি পৰে। এই সংঘৰ্ষত ১৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু শতাধিক লোক আহত হৈছে।

ইপিনে মণিপুৰ ঘটনাক লৈ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা অস্থিৰতা আৰু অশান্তিৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছিল। হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্য মণিপুৰত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত বিৰোধী দলটোৱে উদ্বেগ প্ৰকাশ কৰিছিল।