ৰাইজলৈ অহা ২৪.৫৭ কোটি টকা ওভতাই দিলে অসম চৰকাৰে

kaziranga-national-park Time's UP: Assam returns Rs.24.57 crore to centre for failing to execute livelihood project

প্ৰতীকী ছবি।

অসমলৈ “জীৱিকা উন্নীতকৰণ” আঁচনি ৰূপায়ণৰ বাবে অহা ২৪.৫৭ কোটি টকা ব্যয়ত ব্যৰ্থ হৈ কেন্দ্ৰক ওভতাই দিছে ৰাজ্য চৰকাৰে।

ধনখিনি আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা গাঁৱৰ লোকসকলৰ “জীৱিকা উন্নীতকৰণ”ত খৰচ কৰাৰ বাবে।

নাবাৰ্দে (National Bank for Agriculture and Rural Development) ২০১৭ চনৰ ছেপ্তেম্বৰত ধনখিনি মোকলাই দিছিল।

কিন্তু দুবছৰ ধৰি ধনখিনি খৰচ কৰিব নোৱাৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

বাতৰি মতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়া কাজিৰঙা ভ্ৰমণৰ সময়ত আঁচনিখন ৰূপায়ণ সন্দৰ্ভত বন বিষয়াসকলক কথাও শুনাইছিল।

কিন্তু, মুখ্য মন্ত্ৰীৰ কথায়ো আবণ্টিত ধন ৰাইজৰ জীৱিকা উন্নীতকৰণত খৰচ কৰোৱাব নোৱাৰিলে।

আঁচনিখন ৰূপায়ণৰ অন্তিম সীমা আছিল ছেপ্তেম্বৰ, ২০১৯; আৰু সেয়ে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ধনখিনি ঘূৰাই দিব লগা হ’ল।

“বিভিন্ন কাৰণত প্ৰকল্পটো ইয়াত ৰূপায়ণ কৰিব পৰা নগ’ল,” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।

শিৱ কুমাৰে লগতে জনাই যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকল্পটোৰ ধনখিনি ঘূৰাই দিবলৈ নিৰ্দেশ দিছে।

নাবাৰ্দৰ এজন জ্যেষ্ঠ বিষয়াই নৰ্থইষ্ট নাওক বৃহস্পতিবাৰে জনোৱা মতে, ধনখিনি “জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অভিযোজনা পুঁজি” (NAFCC)ৰ শিতানত আগবঢ়োৱা হৈছিল।

একে শিতানত সমগ্ৰ ভাৰতত চলি থকা ২৬টা প্ৰকল্পত নাবাৰ্দে মুঠ ৬৬০.৭২ কোটি টকাৰ পুঁজি যোগান ধৰিছে।

অসমত প্ৰকল্পটোৰ নাম দিয়া হৈছিল, “Management of Ecosystem of Kaziranga National Park by Creating Climate Resilient Livelihood for Vulnerable Communities through Organic farming and Pond Based Pisciculture”।