NORTHEAST NOW (Assamese)

তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ৫ জনকৈ ভুৱা আলফা; ২ লাখ টকা জব্দ

August 23, 2018 1:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া আৰক্ষীয়ে আজি এক অভিযান চলাই পাঁচজনকৈ ভুৱা আলফা সদস্য আটক কৰিবলৈ সক্ষম হয়। ধৃত লোককেইজনক মিন্টু শইকীয়া ওৰফে সঞ্জীৱ মেধি অসম (৪৬), কলামনি দাস ওৰফে ডেকা (৪২), দেৱকান্ত দাস ওৰফে ৰাজু (২৮), বালেশ্বৰ প্ৰসাদ ৰায় (৪৯) আৰু অতুল বৰদলৈ (৬৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে তেওঁলোকে আলফা (স্বা)ৰ নামত বিভিন্ন ঠাইত ধন দাবী চলাই আহিছিল।

আনহাতে ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে নগদ দুই লাখ টকাৰ লগতে মোবাইল ফোন আৰু ছিম কাৰ্ড জব্দ কৰে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে  তিনিচুকীয়া আৰক্ষীৰ নেতৃত্বত তথা শিৱসাগৰ,যোৰহাট আৰু গোলাঘাট আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হৈছিল। বৰ্তমান ধৃত আটাইকেজনে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে।

Related News