ত্ৰিপৰাহা খিলঞ্জীয়া প্ৰগতিশীল আঞ্চলিক মিত্ৰজোঁট(TIPRA)ৰ অধ্যক্ষ প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বাৰ্মাই ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে।
মঙলবাৰে এক ভিডিঅ’ বিবৃত্তিযোগে প্ৰদ্যুৎ দেৱ বাৰ্মাই এই কথা ঘোষণা কৰে।
ত্ৰিপ্ৰা মুৰব্বীগৰাকীয়ে ভিডিঅ’ বাৰ্তাটোত কয় যে মই আৰু ৰাজনীতি কৰিব নিবিচাৰো, ৰাইজক কিবা এটা দিব বিচাৰোঁ। মানুহক কিবা এটা দি ৰাজনীতি আৰু ৰাজহুৱা জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো।”
“সাংসদ হৈ একো নাপাব। মন্ত্ৰী হৈ বা নতুন দল গঠন কৰিও একো নাপাব। নতুন দিল্লীত আমাৰ জনসাধাৰণৰ হৈ কথা ক’ম তেতিয়াহে আমি কিবা এটা সাধন কৰিব পাৰিম।’ লগতে তেওঁ কয়।
উল্লেখ কৰিব পাৰি যে ত্ৰিপ্ৰাৰ মুৰব্বীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁক ত্ৰিপুৰালৈ আহিবলৈ আহ্বান জনোৱাৰ দুদিন পিছতেই ‘বৃহৎ ত্ৰিপালেণ্ডৰ’ সাংবিধানিক সমাধানৰ দাবীত এই পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপ্ৰা মথাৰ মূৰব্বীগৰাকীয়ে।
#WATCH | “I don’t want to do politics anymore, I want to give something to the people. I have decided to give something to people and quit politics and public life…”: Pradyot Kishore Manikya Debbarma, Tipra Motha chief pic.twitter.com/KtkriV929C
— ANI (@ANI) July 4, 2023