• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত ‘কিংমেকাৰ’ তিপ্ৰা মথাৰ ঘোষণা: তিপ্ৰালেণ্ডৰ সমাধান অবিহনে কোনো দলকে নিদিয়ে সমৰ্থন

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
February 6, 2023 8:39 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৃহত্তৰ তিপ্ৰালেণ্ড’ক লৈ পুনৰ সৰৱ হৈছে তিপ্ৰা মথা। আসন্ন ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন। ভোটাৰসকলে ১৬ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ ৬০ খন আসনৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। একাংশ পৰ্যবেক্ষকৰ ধাৰণা যে তিপ্ৰা মথা এইবাৰ বিজেপি শাসিত ত্ৰিপুৰাৰ অন্যতম কিংমেকাৰ হ’ব পাৰে। তিপ্ৰা মথাৰ মুৰব্বী আৰু ত্ৰিপুৰা ৰাজপৰিয়ালৰ সদস্য প্ৰদ্যুত কিশোৰ দেববৰ্মাই কয় যে তিপ্ৰালেণ্ডৰ সাংবিধানিক সমাধান নোহোৱালৈকে তেওঁলোকে কোনো দলক সমৰ্থন নকৰে। কোনো চৰকাৰতে যোগদান নিদিয়ে।

তিপ্ৰা মথাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি প্ৰদ্যুত কিশোৰে কয়, “প্ৰয়োজন হ’লে আমি বিৰোধী দলত বহিম। কিন্তু কেইটামান মন্ত্ৰীপদ পোৱাৰ লোভত আমি আমাৰ মূল দাবীৰ পৰা আঁতৰি নাযাও।‘’

তেওঁ কয় যে যদিও ৰাজনৈতিক দলসমূহে এই সন্দৰ্ভত মৌখিক প্ৰতিশ্ৰুতি দিছে, তথাপিও ইয়াক গ্ৰহণ কৰা নহ’ব। ইয়াৰ পূৰ্বে, তিপ্ৰা মথাই কৈছিল যে ই ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ ভিতৰত ৪২ খন আসনত প্ৰতিদ্বন্দিতা কৰিব।

Apply Now

অৱশ্যে, প্ৰদ্যুৎ কিশোৰে স্পষ্ট কৰি দিছে যে তিপ্ৰা মথাই ত্ৰিপুৰাক বিভক্ত কৰিব নিবিচাৰে। “আমি ত্ৰিপুৰা ভাঙিব নিবিচাৰো। ভাৰতক কোনে দুৰ্বল কৰিব বিচাৰে? ধৰ্মৰ নামত বিভাজন কৰিব বিচাৰে?”

প্ৰদ্যুতে পূৰ্বেই কৈ আহিছে যে তেওঁৰ প্ৰাথমিক লক্ষ্য হৈছে জনজাতীয় সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰা। ত্ৰিপুৰাৰ ৬০ খন বিধানসভা আসনৰ ভিতৰত ২০ খন জনজাতীয় সম্প্ৰদায়ৰ বাবে সংৰক্ষিত। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰে ১০ খনত বিজেপিয়ে আৰু ৮খনত ইয়াৰ সহযোগী আইপিএফটিয়ে জিকিছিল। চিপিআই(এম)য়ে দুখনত জয়লাভ কৰিছিল। যোৱা কেইমাহমানত বেছিভাগ আইপিএফটি নেতা আৰু কৰ্মীয়ে তিপ্ৰাত যোগদান কৰিছে। এই পৰিস্থিতিত, তিপ্ৰাই সেই আসনবোৰত শাসকীয় মিত্ৰজোঁটৰ মুখ্য প্ৰতিদ্বন্দী বুলি ধাৰণা কৰা হৈছে।

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু ৰাজপৰিয়ালৰ বংশধৰ প্ৰদ্যুৎ বিক্ৰমে ২০২১ চনৰ আৰম্ভণিতে জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষাৰ দাবীত তিপ্ৰা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ’নেল এলায়েন্স বা তিপ্ৰা মাথা দল আৰম্ভ কৰিছিল। দলটোৰ গণ ভিত্তিৰ প্ৰথম প্ৰমাণ ২০২১ চনৰ এপ্ৰিলত পোৱা গৈছিল। ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ (এডিচি) নিৰ্বাচনত বিভিন্ন থলুৱা বা জনজাতীয় সম্প্ৰদায়ৰ লোকৰে গঠিত তিপ্ৰা মথাই ১৮খন আসন লাভ কৰিছিল। বাকী ৯খন আসন বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ জনজাতীয় আইপিএফটিয়ে যুটীয়াভাৱে জিকিছিল।

যোৱা ১ জানুৱাৰীত আইপিএফটিৰ মুৰব্বী আৰু মিত্ৰজোঁটৰ মন্ত্ৰী এন চি দেববৰ্মাৰ মৃত্যুৰ পিছত প্ৰায় নেতাহীন হৈ পৰা দলটো তিপ্ৰাৰ সৈতে একত্ৰিত হ’বলৈ আলোচনাও আৰম্ভ কৰিছিল। অৱশ্যে বিজেপিৰ বাধাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল।

এন ই নাও নিউজ, আগৰতলা

এন ই নাও নিউজ, আগৰতলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd