NORTHEAST NOW (Assamese)

তিৱা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত : লাহৰীঘাটত গীতেৰে নিৰ্বাচনী প্ৰচাৰ ৰঞ্জিত দাস-আঙুৰলতাৰ

December 12, 2020 8:06 pm · চানু গগৈ

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন মাজত চাৰিটা দিন বাকী থকা অৱস্থাত শাসকীয় বিজেপি দলে প্ৰচাৰ অভিযান তুংগত তোলা পৰিলক্ষিত হৈছে!

আজি লাহৰীঘাটৰ ১ নং জামাদাৰী আৰু ২ নং বৰঙনি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিধায়িকা আঙূৰলতা ডেকা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই।

১ নং জামাদাৰী সমষ্টিৰ প্ৰাৰ্থী দুলাল ব্ৰহ্ম আৰু ২ নং বৰঙনি সমষ্টিৰ প্ৰাৰ্থী অংকুৰ দেউৰীৰ হৈ কুশতুলিৰ গৰাপাৰত অনুষ্টিত হয় বিশাল নিৰ্বাচনী সভা। বিশাল নিৰ্বাচনী সভাত ব্যতিক্ৰমী ৰূপত দেখা গ’ল সভাপতি ৰঞ্জিত দাসক।

সভাত ভাষণৰ মাজতে সভাপতি দাসে গীত গাই উপস্থিত শ শ সমৰ্থকক আমোদ দিয়ে। ইফালে বিধায়িকা আঙুৰলতা ডেকায়ো গীত গাই আমোদ দিয়ে উপস্থিত ভোটাৰক।

নিৰ্বাচনী সভাত সভাপতি ৰঞ্জিত দাসে ভাষণত কয় যে বিজেপি দলৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে। উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় সভাপতি দাসে।৩০ খন আসন দখল কৰি বিজেপিয়ে তিৱা পৰিষদ দখল কৰাটো নিশ্চিত বুলি সভাপতি দাসে দাবী কৰে।

আনহাতে বিধায়িকা আঙুৰলতা ডেকাই কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগ্ৰেছ এতিয়া নবজা কেচেট। কংগ্ৰেছক ভোট দি লাভ নাই। সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপিত ভোট দিবলৈ আহ্বান জনায় বিধাজিকা ডেকাই।

নিৰ্বাচনী সভাত প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে ভাষণ প্ৰদান কৰে।

আনহাতে এই নিৰ্বাচনী সভাতেই জিলা কংগ্ৰেছৰ উপ সভাপতি তথা বিধায়ক নজৰুল ইছলামৰ ঘনিষ্ঠ, লাউভূৰুঙ্গা গাঁও পঞ্চায়তৰ বলিষ্ঠ কংগ্ৰেছী নেতা গোপীনাথ বৰদলৈসহ কেবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

Related News