পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ‘নাবান্ন অভিযান’ ৰেলীৰ সময়ত এগৰাকী মহিলা আৰক্ষীৰ সৈতে হতাহতি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে টিএমচিৰ প্ৰভাৱশালী বিধায়ক ইদ্ৰিছ আলীয়ে অধিকাৰীৰৰ প্ৰসংগত সৰব হৈ পৰিছে।
অধিকাৰীৰ কটাক্ষ কৰি বিধায়ক ইদ্ৰিছ আলীয়ে কৈছে ‘মই পুৰুষ, মোক স্পৰ্শ নকৰিব।’ তেওঁ কয় “ইডি, চিবিআইয়ে মোৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰে, মই পুৰুষ।” তেওঁ “ইডি, চিবিআইয়ে মোৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰে, মই পুৰুষ” বুলি লিখা থকা বিচিত্ৰ পোছাক পিন্ধি বিধানসভালৈ কিয় আহিছিল বুলি সোধাত আলীয়ে কয়, “এজন বিজেপি নেতা আছে, যিয়ে ভাবে যে চিবিআই আৰু ইডিয়ে তেওঁকহে স্পৰ্শ কৰিব নোৱাৰে।”
টিএমচি বিধায়কজনে লগতে কয় যে তেওঁৰ কুৰ্তাত লিখা বাৰ্তাটো বিজেপি নেতা শুভেন্দু অধিকাৰীক উদ্দেশ্যি লিখা হৈছিল। ইদ্ৰিছ আলীৰ তেনে কুৰ্তা পিন্ধা ভিডিঅ’ এতিয়া ব্যাপকভাৱে শ্বেয়াৰ হৈছে। উল্লেখ্য যে কলকাতাত নাবান্না চোলো প্ৰতিবাদী শোভাযাত্ৰাৰ সময়ত শুভেন্দু অধিকাৰীয়ে অভিযোগ কৰিছিল যে তেওঁৰ এগৰাকী মহিলা আৰক্ষীৰে হতাহতি হৈছিল, যিয়ে তেওঁক আটক কৰিবলৈ চেষ্টা কৰিছিল।
বিজেপি নেতাগৰাকীক আৰক্ষীৰ ভানত উঠিবলৈ বাধ্য কৰাৰ পিছত তেওঁ “মোক স্পৰ্শ নকৰিব” বুলি চিঞৰি থকা দেখা গৈছিল >”মোক স্পৰ্শ নকৰিব, মোৰ শৰীৰ স্পৰ্শ নকৰিব। আপুনি এগৰাকী মহিলা। আপোনাৰ পুৰুষ সহকৰ্মীসকলক ফোন কৰক,” অধিকাৰীয়ে কৈছিল ।
অধিকাৰীৰ এনে আচৰণকলৈ বহুতে কৌতুক কৰাও দেখা গৈছিল। উল্লেখ্য পশ্চিমবংগত ১৩ ছেপ্টেম্বৰত মমতা বেনাৰ্জীৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি বিজেপিয়ে সচিবালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াইছিল। বিজেপি কৰ্মীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।