• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰত বিজেপি নেতাক আক্ৰমণৰ ঘটনাত জড়িত টি এম পি কেৰ সদস্যৰ আত্মসমৰ্পণ

NE NOW NEWS এন ই নাও নিউজ
লখিমপুৰ , November 6, 2019 7:19 am

2 min read

TMPK

আত্মসমৰ্পণ টি এম পি কেৰ সদস্যৰ।

417
VIEWS
Share on FacebookShare on Twitter

ঢকুৱাখনাত ৩ নৱেম্বৰত বিজেপি নেতাক কৰা আক্ৰমণৰ ঘটনাটোত জড়িত তিনিজন মূল অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অভিযুক্ত আটাইকেইজন মিচিং সংগঠন টি এম পি কেৰ সদস্য।

লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত ৪ নৱেম্বৰত আত্মসমৰ্পণ কৰা অভিযুক্তকেইজন ক্ৰমে খেৰকটা আঞ্চলিক টি এম পি কে’ৰ সভাপতি লিজু দলে(৩৫), সম্পাদক ৰাজ কুমাৰ দলে (৩৪) আৰু সদস্য কিশোৰ দলে(২৮)।

ঢকুৱাখনা থানাৰ অন্তৰ্গত বকুলগুৰি অঞ্চলত ৩ নৱেম্বৰত বিজেপিৰ এখন সভাত অংশগ্ৰহণৰ বাবে যোৱা বিজেপি নেতা পৰমানন্দ চুংক্ৰাং আৰু বৈদ্যনাথ পাঞাংক বাটতে ধৰি নি ব্ৰহ্মপুত্ৰৰ পাৰত আক্ৰমণ কৰিছিল অভিযুক্তকেইজনে।

ঘটনাৰ পিছত পৰমানন্দ চুংক্ৰাঙৰ পত্নী আৰু বৈদ্যনাথ পায়েঙৰ পত্নীয়ে ১৮জনৰ নাম উল্লেখ কৰি পৃথকে পৃথকে দিয়া এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছিল যদিও আক্ৰমণকাৰীসকল পলাই আছিল।

জানিব পৰামতে, টি এম পি কে’ৰ দুগৰাকী শীৰ্ষ নেতাৰ নিৰ্দেশত অভিযুক্তকেইজনে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

ন-বিজেপি নেতাদ্বয়ৰ লগতে ঢকুৱাখনা মণ্ডল বিজেপিয়ে এই ঘটনাক ৰাজনৈতিক শত্ৰুতাৰ বাবে হোৱা বুলি কয়।

মন কৰিব লগীয়া যে লখিমপুৰ আৰু ধেমাজিত বিজেপিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মিচিং জনগোষ্ঠী ভিত্তিক ৰাজনৈতিক দল গণশক্তিৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আনকি দুয়োটা দলে যুটীয়াভাৱে প্ৰাৰ্থী দিছিল।

উল্লেখ কৰিব পাৰি, যোৱা মাহত টি এ পি কেৰ এটা দলে ডিব্ৰুগড় জিলাৰ এটা চাপৰিত থকা আৰু গোৱালৰ বৃত্তিৰে জীৱন যাপন কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকৰ এখন গাৱঁত আক্ৰমণ কৰিছিল আৰু বহুকেইটা ঘৰ জ্বলাই দিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd