মণিপুৰত ‘আস্থা’ ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ কমিটি গঠন

মণিপুৰত আইনৰ শাসনৰ প্ৰতি বিশ্বাস পুনৰুদ্ধাৰ কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে জাৰি কৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 

মণিপুৰত সংঘটিত বিভিন্ন হিংসাত্মক ঘটনাৰ তদন্ত, হিংসাৰ বলি হোৱা লোকৰ সাহায্য, ক্ষতিপূৰণ, পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ দৰে মানৱীয় কাম-কাজৰ পৰ্যালোচনাৰ বাবে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশক লৈ এখন বিশেষ সমিতি গঠন কৰে উচ্চতম ন্যায়ালয়ে বিভিন্ন ধ্বংসপ্ৰাপ্ত ধৰ্মীয় স্থান। 

এই সমিতিৰ নেতৃত্বত থাকিব জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টল। ইয়াৰ উপৰি এই কমিটিত থাকিব বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শলিনী ফানছালাৰ যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেন। 

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে চিবিআইক যি ১১টা যৌন হিংসাৰ গোচৰত এফআইআৰ দাখিল কৰা হৈছে তাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে কমিটিখনক। তদন্তৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ চিবিআইৰ তদন্তকাৰী দলত অন্য ৰাজ্যৰ ডিৱাইএছপি ৰেংকৰ কমেও ৫ জন বিষয়াক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। 

কেৱল এয়াই নহয়, এই গোচৰসমূহৰ তদন্ত সন্দৰ্ভত চিবিআইয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দিব লাগিব। ইয়াৰ বাবে আদালতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন ডিজিপি তথা মুম্বাই আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত দত্তত্ৰেয় পদশালাগিকাৰক তত্বাৱধায়ক বিষয়া হিচাপে নিযুক্তি দিছে। তেওঁ চিবিআইৰ তদন্তৰ বিষয়ে আদালতক অৱগত কৰিব লাগিব। 

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে এই সন্দৰ্ভত কয় যে, “ইয়াৰ ফলত চিবিআইৰ তদন্তত নিৰাপত্তাৰ আন এক স্তৰ সংযোগ হৈছে।” যিবোৰ গোচৰ চিবিআইক গতাই দিয়া হোৱা নাই সেইবোৰৰ তদন্ত কৰিব মণিপুৰ ৰাজ্যিক আৰক্ষীয়ে। 

ৰাজ্যখনৰ হৈ আদালতত হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এই গোচৰসমূহৰ তদন্তৰ বাবে ৰাজ্যই ৪২টা বিশেষ তদন্তকাৰী দল গঠন কৰিব। তদন্তৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিবলৈ আদালতে এই বিশেষ তদন্তকাৰী দলসমূহত অন্য ৰাজ্যৰ আৰক্ষী বাহিনীৰ অন্ততঃ এজন পৰিদৰ্শকক অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে যোৱা সপ্তাহত মুখ্য ন্যায়াধীশগৰাকীয়ে মণিপুৰ ৰাজ্য প্ৰশাসনক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। তদন্তত পলম কৰা বুলি আৰক্ষীক সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। আদালতে পৰ্যবেক্ষণ কৰে যে, পঞ্জীয়ন হোৱা এফআইআৰৰ সংখ্যাৰ তুলনাত গ্ৰেপ্তাৰ হোৱা লোক অতি কম। 

আদালতে মন্তব্য কৰে যে ৰাজ্যখনত আইন-শৃংখলা সম্পূৰ্ণৰূপে ভাঙি গৈছে। মণিপুৰৰ ডিজিপিক ব্যক্তিগতভাৱে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হয়। সেই নিৰ্দেশৰ পিছতে আদালতত হাজিৰ হয় মণিপুৰৰ ডিজিপি।

লগতে পঢ়কঃ লখিমপুৰত AI4Bharat-ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি

লগতে পঢ়কঃ জামিন লাভ কৰিলে বিজেপি কৰ্মী লাচিত গগৈয়ে

লগতে পঢ়কঃ ক্ৰন’ল’জী! আদানীৰ ‘সংঘী ইণ্ডাষ্ট্ৰীজ’ৰ অংশীদাৰিত্ব ক্ৰয়ৰ পিছতে কংগ্ৰেছে তুলিছে অভিযোগ