দেশত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেৰে এই পৰ্যন্ত ৮৯ লাখ লোকৰ টেষ্ট কৰা হৈছে যদিও এই সংখ্যা ১০ গুণ বৃদ্ধি কৰিব লাগিব বুলি মন্তব্য কৰিছে ৰাকেশ শৰ্মাই।
চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড ম’লেকুলাৰ বায়’লজি(চি চি এম বি)ৰ সঞ্চালক ৰাকেশ শৰ্মাই যোৱা সোমবাৰে তেলেংগানাৰ ৰাজ্যপাল তামিলছাই সুন্দৰৰাজন আৰু আন কেইজনমানৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সত এই কথা প্ৰকাশ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে ১০ৰ পৰা ১৪ জুনৰ ভিতৰলৈ দেশত দৈনিক ১.৫০ লাখ লোকৰ টেষ্ট কৰা হৈছে। এই সন্দৰ্ভত মিশ্ৰাই প্ৰতিদিনে ১০ লাখ লোকৰ টেষ্ট কৰাৰ প্ৰয়োজন বুলি কয়।
ইংৰাজী কাকত টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত অনুসৰি তেওঁ কয় যে মুম্বাইৰ ধাৰাবী এলেকাত যিদৰে অধিক পৰীক্ষাৰ জৰিয়তে ক’ৰ’না নিয়ন্ত্ৰণত অনা হৈছে ঠিক সেইদৰে সমগ্ৰ দেশতে কৰাৰ প্ৰয়োজন আছে।
‘বিভিন্ন টেকনিক ব্যৱহাৰ কৰি প্ৰতিদিনে ১০ লাখ পৰীক্ষণ সম্ভৱ’, এই কথাও কয় মিশ্ৰাই।
চি চি এম বিৰ সঞ্চালক গৰাকীয়ে কয় যে চি চি এম বিয়ে এটা মডেল প্ৰস্তুত কৰিছে যিটোৰ বাবে অনুমতি বিচাৰি থকা হৈছে। চৰকাৰে পৰীক্ষাৰ বাবে নেক্সট জেনেৰেশ্যন টেকনল’জি ব্যৱহাৰ কৰিব পাৰে, যিটোত একবাৰতে ১০হাজাৰ টেষ্ট কৰিব পৰা যায়।