• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লোমহৰ্ষক ঘটনা! ভগৱানৰ সন্তুষ্ট কৰিবলৈ বলি দিলে আঢ়ৈ বছৰীয়া এটি শিশু, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 22, 2021 4:48 pm

2 min read

লোমহৰ্ষক ঘটনা! ভগৱানৰ সন্তুষ্ট কৰিবলৈ বলি দিলে আঢ়ৈ বছৰীয়া এটি শিশু, ক’ত?
252
VIEWS
Share on FacebookShare on Twitter

দিল্লীত সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা।

অভি়যোগ অনুসৰি এগৰাকী ২৫ বছৰীয়া মহিলাই তেওঁৰ এঘৰ প্ৰতিৱেশীৰ এটি শিশু সন্তানক হত্যা কৰে।

হত্যা কৰি এটা প্লাষ্টিক বেগত মৃতদেহটো এটা বিল্ডিঙৰ ছাদলৈ দলিয়াই দিয়ে।

মাত্ৰ আঢ়ৈ বছৰীয়া শিশুটোক হত্যা কৰাৰ কাৰণ হৈছে মহিলাগৰাকীক এগৰাকী তান্ত্ৰিকে তেনে কৰিবলৈ উপদেশ দিছিল।

দেওবাৰে আৰক্ষীয়ে জনোৱামতে, মহিলাগৰাকীয়ে গৰ্ভাৱস্থা লাভ কৰিবৰ বাবে তান্ত্ৰিকজনে এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ বিধান দিছিল।

মহিলাগৰাকীক বৰ্তমান আৰক্ষীৰ জেৰাত আছে।

দিল্লীৰ ৰোহিনী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জেৰাত মহিলাগৰাকীয়ে কয় যে তেওঁ সন্তানধাৰণ কৰিবলৈ অক্ষম বাবে তেওঁৰ শহুৰেকৰ ঘৰ আৰু আত্মীয়সকলে নানাধৰণে তিৰষ্কাৰ কৰিছিল।

যাৰ ফলশ্ৰুতিত তেওঁ এজন তান্ত্ৰিকৰ কাষ চাপিবলৈ বাধ্য হ’ল।

তান্ত্ৰিকজনে ভগৱানত সন্তুষ্ট কৰিবলৈ এটি শিশু বলি দিবলৈ বিধান দিলে।

তাৰ পাছতে তেওঁ সংঘটিত কৰিলে এই ঘটনা।

মহিলাগৰাকীয়ে আৰক্ষীক জনায় যে তেওঁ ২০১৩ চনতে বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু চিকিৎসকক দেখুওৱাৰ পাছতো সন্তান ধাৰণ কৰিব পৰা নাছিল।

যাৰ ফলশ্ৰুতিত চাৰি বছৰ পূৰ্বে তেওঁৰ গৃহস্থান উত্তৰ প্ৰদেশৰ হাৰদৈ অঞ্চলৰ এগৰাকী তান্ত্ৰিকৰ কাষ চাপে।

শিশুটো হত্যা কৰাৰ পাছত তাৰ অভিভাৱকসকলৰ মাজত হুৱা দুৱা লাগে।

তেওঁলোকে শিশুটোক কোনোবাই অপহৰণ অথবা নিখোঁজ হোৱা বুলি ভাবে।

শনিবাৰে আৰক্ষীক তেওঁলোকে দিয়া এখন অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায়।

যেতিয়া বিল্ডিংটোত শিশুটোৰ মৃতদেহ তেওঁলোকে লাভ কৰে, দেখে যে শিশুটোৰ ডিঙিত আঘাতৰ চিন স্পষ্ট।

প্ৰথম পৰ্যবেক্ষণতে আৰক্ষীয়ে অনুমান কৰে যে শিশুটোক ডিঙি চেপি হত্যা কৰা হৈছিল।

তাৰপাছত এটা হত্যাকাণ্ডৰ গোচৰ পঞ্জীয়ন কৰা হয়।

শিশুটোৰ পৰিয়ালবৰ্গ, আত্মীয় আৰু প্ৰতিৱেশীসকলক আৰক্ষীয়ে প্ৰশ্ন সোধাত তেওঁলোকে কয় যে শিশুটোক শেষবাৰৰ বাবে এগৰাকী প্ৰতিৱেশীৰ স’তে দেখা পাইছিল।

যেতিয়া প্ৰতিৱেশীগৰাকীক আৰক্ষীয়ে জেৰা কৰে, তেওঁ স্বীকাৰোক্তি কৰে যে শিশুটোৱে ছাদৰ ওপৰত খেলি থাকোতে তেওঁ তাক হত্যা কৰে।

ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd