সকলো ৰে’ল চলিব সঠিক সময় মতে, ৰে’ল বিভাগে আনিছে OHE
এতিয়া আৰু কোনো যাত্ৰীয়ে তেওঁ যাত্ৰা কৰিবলগীয়া ৰে’ল খনৰ বাবে হামিয়াই হিকতিয়াই ৰে’ল ষ্টেছনত ৰৈ থাকিব নালাগে।
ভাৰতীয় ৰে’লে পূৰ্বৰ পৰম্পৰা এৰি এতিয়া সকলো ৰে’লেই সময় মতে চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
ৰে’লৰ যাত্ৰাত হোৱা বিলম্ব দূৰ কৰিবলৈ ভাৰতীয় ৰে’লে শেহতীয়াকৈ বিভাগটোত সন্নিৱিষ্ট কৰিছে এক উন্নত প্ৰযুক্তি।
ৰে’ল বিভাগে নতুনকৈ অন্তৰ্ভূক্ত কৰা OHE নামৰ এপটোৰ জৰিয়তে ৰে’ল এখন কিয় পলমকৈ চলি আছে তাৰ কাৰণ নিৰ্দ্ধাৰণ কৰিব আৰু তাৎক্ষণিক ভাৱে সেই সমস্যাৰ সমাধান কৰি ৰে’ল খনে যাতে সঠিক সময়ত গন্তব্য স্থানত গৈ উপস্থিত হ’ব পাৰে তাৰ ব্যৱস্থা কৰিব।
OHE এপৰ সৈতে এনে প্ৰযুক্তি সংযুক্ত কৰা হৈছে যাতে ৰে’লৰ ইঞ্জিনত দেখা দিয়া যিকোনো সমস্যাই লগে লগে ধৰা পেলাব পাৰি আৰু সেই মতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
ৰে’লৰ যিকোনো কাৰিকৰী সমস্যাৰ উমান পোৱাৰ পিছতে এই এপে সংকেত পঠিয়াই সংশ্লিষ্ট লোক সকলক সজাগ কৰি তুলিব।
জি পি এছ ব্যৱস্থাৰে সংযুক্ত এই এপে ৰে’ল বিলম্ব হোৱাৰ সকলো ধৰণৰ কাৰণেই বিচাৰি উলিয়াই তাৰ সমাধান সূত্ৰ দিব পাৰিব।
উল্লেখ্য ভাৰতীয় ৰে’লে চলিত বৰ্ষৰ ১ জুলাইৰ দিনা চলোৱা মুঠ ২০১ খন ৰে’লৰ আটাইকেইখন ৰে’লেই সঠিক সময়ত গন্তব্য স্থানত গৈ উপস্থিত হোৱাৰ অভিলেখ গঢ়িছিল।
এই ধাৰা সদায় অক্ষুণ্ণ ৰাখিবলৈ ৰে’ল বিভাগে চেষ্টা অব্যাহত ৰাখিছে।