আজি শাৰদীয় দূৰ্গা পূজাৰ মহা অষ্টমী৷
ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে গোৱালপাৰা জিলাৰ এতিহাসিক টুক্ৰেশ্বৰী দেৱালয়তো ৰজা দিনীয়া পৰম্পৰাৰে অনুস্থিত হৈছে শাৰদীয় দূৰ্গা পূজা ৷
উল্লেখ্য যে, ১৭০০ শতিকাতে বিজনীৰ ৰজা কুমুদ নাৰায়ণে আৰম্ভ কৰা এই পূজা মৃন্ময় মূৰ্ত্তি অবিহনে অনুস্থিত হৈ আহিছে।
য’ত কেৱল আধ্যাত্মিকতা বিৰাজ মান ৷ বান্দৰৰ ৰজাৰ বাবে বিখ্যাত ঐতিহাসিক দেৱালয় খনত মহা নৱমীৰ দিনা দেৱীৰ নামত বলি আগবঢ়োৱা হয় এটি অক্ষত ম’হ ৷
যি বলিৰ ৰক্তপান কৰে দেৱালয় খনৰ কপি কুলে ৷
উল্লেখ্য যে ৰজা দিনীয়া পৰম্পৰাৰে অনুষ্ঠিত টুক্ৰেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাৰ বেলবৰণৰ দিনা দেৱালয়ৰ পৰা পুৰোহিতৰ এটা দলে ঢোলে ডগৰে আহে কাষৰীয়া হাদী গাওঁলৈ ৷
পৰম্পৰা অনুসৰি মহা ষষ্ঠী পূজাৰ দিনাই সন্ধিয়া দেৱালয় খনৰ কাষতে থকা হাদী গাঁওৰ এডাল বিশেষ বেল গছৰ পৰা পূজা-অৰ্চনা কৰি এযোৰ বেল দেৱালয় খনলৈ লৈ অহা হয় ৷
তাৰ পৰবৰ্তী সময়ত আৰম্ভ অধিবাস কৰি আজি অনুস্থিত হয় অষ্টমী পূজা ৷
এইবেলিও একে পৰম্পৰাৰে অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গাপূজা। অৱশ্যে ক’ভিড প্ৰট’কল বাহাল থকাত দেৱালয় খনত ভক্তৰ উপস্থিতি যথেষ্ট সেৰেঙা ৷