DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী : ৰাজ্যবাসীয়ে সুঁৱৰিব বলিষ্ঠ সাংবাদিক গৰাকীক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2019 9:56 am
Parag Kumar Das remembered in Nagaon's Samaguri
1.1k
VIEWS
Share on FacebookShare on Twitter

১৯৯৬চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হৈছিল ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাস। আজি তেওঁৰ মৃত্যু বাৰ্ষিকী। ৰাজ্যখনৰ অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ সাজু হৈছে।

সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক মানৱ অধিকাৰ সমিতিয়ে (মাছ) প্ৰতিবছৰে চহিদ দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰো তেওঁলোকে মহানগৰীৰ ৰাজগড়স্থিত পথত চহিদ দিৱসৰ আয়োজন কৰা হৈছে।

চহিদ দিৱসত সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এখন আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। ‘সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমনমূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকিব সাংবাদিক অজিত কুমাৰ ভূঞা, অধিবক্তা অৰূপ কুমাৰ বৰবৰা আৰু সাংবাদিক পাৰ্থ প্ৰতীম হাজৰিকা।

আনহাতে সমগ্ৰ ৰাজ্যতে সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিকগৰাকীৰ জীৱন বীক্ষা আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা হাতত লৈছে বিভিন্ন সামাজিক তথা সাংবাদিক সংগঠনে।

বুধবাৰ নামৰ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰে পৰা কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ১৭ মে’ত সেইসময়ৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা পুত্ৰ ৰোহনক আনিবলৈ যাওঁতে আততায়ীৰ ২৩ জাই গুলীয়ে থকাসৰকা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক। শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া আততায়ীৰ দলটোৱে গুলীয়াই নিহত কৰিছিল সাংবাদিকতাৰ প্ৰতিবাদী কণ্ঠ পৰাগ কুমাৰ দাসক। আততায়ীৰ আক্ৰমণত পুত্ৰ ৰোহনো আহত হৈছিল।

আজিও প্ৰয়াত সাংবাদিকগৰাকীক অজস্ৰ গুণমুগ্ধই পৰাগ কুমাৰ দাসৰ হত্যাৰ ঘটনাৰ প্ৰকৃত ন্যায়ৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও সময়ৰ সোঁতত বিষয়টো পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হোৱাহে দেখা গৈছে।

Recent News

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd