আজি মিজোৰামত উপস্থিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী; অংশ ল’ব নিৰ্বাচনী সমাৱেশত

’19 LS election: Man dies while preparing for PM Modi rally in Assam’s Silchar

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি মিজোৰামলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ বাবে নিজৰ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত হ’ব।

জানিব পৰা মতে প্ৰধান মন্ত্ৰীগৰাকীয়ে ৰাজধানী চহৰ আইজল আৰু লুংলেইত বিজেপিয়ে আয়োজন কৰা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

আনহাতে নিৰ্বাচনী সভাত অংশ লোৱাৰ উপৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ স্থানীয় সংগঠন আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠন সমূহৰ কৰ্ম-কৰ্তাসকলৰ লগত এক জৰুৰী বৈঠকত মিলিত হ’ব বুলিও এক সূত্ৰই জানিবলৈ দিয়ে।

ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক লৈ মিজোৰামত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰামৰ বিধানসভা নিৰ্বাচন। ৪০টা বিধানসভা সমষ্টিৰে পৰিপূৰ্ণ মিজোৰামত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। শাসকীয় দলৰ লগতে অন্যান্য ৰাজনৈতিক দল সমূহেও শাসনভাৰ দখল কৰাৰ উদ্দেশ্যে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।