NORTHEAST NOW (Assamese)

ক’ৰ’না মুক্ত ডিমা হাচাও; কোৱাৰেণ্টাইন শিবিৰৰ পৰা ঘৰলৈ উভতিল ছয় যুৱক

April 27, 2020 8:55 pm · পংকজ কুমাৰ দেৱ
ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত হ’ল ডিমা হাচাও জিলা। হাফলং শিক্ষা ভৱনৰ কোৱাৰেণ্টাইন শিবিৰৰ পৰা আজি ঘৰলৈ উভতি যাবলৈ দিয়া হ’ল ছয়গৰাকী যুৱকক।

আজি বিয়লি ৩ বজাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছান, ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দিপালী বৰ্মনৰ উপস্থিতিত এই ব্যক্তি কেইগৰাকীক বিদায় দিয়া হয়।

যোৱা ৯ এপ্ৰিলত এই ছয়গৰাকী যুৱকক হাফলঙত কোৱাৰেন্টাইন কৰা হৈছিল আৰু ১৩ এপ্ৰিলত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা তেওঁলোকৰ ৰিজাল্ট নিগেটিভ আহিছিল।

উল্লেখ্য যে, ইতিমধ্যে মৃত্যু হোৱা হাইলাকান্দিৰ ক’ৰ’না আক্ৰান্ত ফয়জুৰ হক বৰভূঁঞাৰ লগত ডিমা হাচাও জিলাৰ এই ছয়গৰাকী যুৱকে যোৱা ১৭ মাৰ্চত গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেইলৰ এটা ডবাতে ভ্ৰমণ কৰিছিল।

ইফালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছান আৰু উপায়ুক্ত অমিতাভ ৰাজখোৱাই ক’ৰ’না যুঁজত যুঁজি থকা প্ৰতিজন চিকিৎসক, নাৰ্চৰ লগতে আন আন স্বাস্থ্য কৰ্মী, আৰক্ষী, সংবাদ কৰ্মী, প্ৰশাসনৰ বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।

Related News