নিৰ্বাচন শেষ, আৰম্ভ মূল্যবৃদ্ধিৰ খেল! মাজনিশাৰ পৰাই ৫ শতাংশ টোল টেক্স বৃদ্ধি NHAIৰ

এই মুহূৰ্তত কেৱল এক্সিট প’লহে ওলাইছে। ৪ জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল আৰু তাৰ পিছত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিব আৰু কোনে প্ৰধানমন্ত্ৰীৰ চকীত বহিব সেয়া সিদ্ধান্ত লোৱা হ’ব। তাৰ মাজতে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) এটা ডাঙৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সমগ্ৰ দেশতে গড়ে পাঁচ শতাংশ টোলৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘাইপথত চলাচল কৰা বাহনৰ চালকসকলে এতিয়া সোমবাৰৰ পৰা অধিক ভাড়া দিব লাগিব। অৰ্থাৎ দেওবাৰৰ নিশাৰ পৰাই বৃদ্ধি পাইছে টোল টেক্স।

লগতে পঢ়কঃ বিস্মিত ব্যতিক্ৰম! একমাত্ৰ এক্সিট প’ল যত কোৱা হৈছে বিজেপি আৰু এনডিএই নাপায় সংখ্যাগৰিষ্ঠতা

সোমবাৰে মাজনিশা ১২ বজাৰ পৰা দুমাহ ধৰি আদায় কৰিবলৈ বাকী থকা বৰ্ধিত টোল হাৰ কাৰ্যকৰী কৰিব এনএইচএআইয়ে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই বৃদ্ধি দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ আচৰণ বিধিৰ বাবে পিছুৱাই দিয়া হয়। এই বাৰ্ষিক সংশোধন গড়ে পাঁচ শতাংশৰ ভিতৰত হ’ব পাৰে।

দেওবাৰে এন এইচ এ আইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ২০২৪ চনৰ ৩ জুনৰ পৰা নতুন ব্যৱহাৰকাৰীৰ বাবে এই মাচুল প্ৰযোজ্য হ’ব। টোল টেক্সৰ এই পৰিৱৰ্তন পাইকাৰী মূল্য সূচকাংক (চিপিআই) ভিত্তিক মুদ্ৰাস্ফীতিৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি হাৰ সংশোধনৰ বাৰ্ষিক প্ৰক্ৰিয়াৰ অংশ। ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কত প্ৰায় ৮৫৫ টা ব্যৱহাৰকাৰী মাচুল প্লাজা আছে, য’ত গ্ৰাহকৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ মাচুল (নিৰ্ধাৰণ আৰু সংগ্ৰহ) নিয়ম, ২০০৮ অনুসৰি লোৱা হয়।

লগতে পঢ়কঃ আজি আকাশত একে শাৰীতে অৱস্থান কৰিব ছটা গ্ৰহ! ক’ৰ পৰা দেখা যাব এই বিৰল মহাজাগতিক দৃশ্য?

বাতৰি মতে, টোল টেক্স সোমবাৰৰ পৰা ৫% বৃদ্ধি পাব। এই সংশোধনীৰ পাছত চাৰিচকীয়া বা লঘু বাহনে ৪৫ টকাৰ পৰা ১৬০ টকাৰ ভিতৰত টোল দিব লাগিব, আৰু গধুৰ বাহনে যাত্ৰা কৰা দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি ৪০ টকাৰ পৰা ২৫০ টকাৰ ভিতৰত টোল দিব লাগিব। সম্প্ৰতি ঘাইপথ কৰ্তৃপক্ষই ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেত প্ৰতি কিলোমিটাৰত ২.১৯ টকা টোল লয়।