Tom Cruise become the first actor চলচ্চিত্ৰৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে ঘটিবলৈ আগবাঢ়িছে। অৱশ্যে চৰিত্ৰৰ প্ৰয়োজনত কিনো কৰিব নোৱাৰি! প্ৰেমেই হওঁক বা যুদ্ধক্ষেত্ৰই হওঁক, টম ক্ৰুজে ষ্টাণ্ট ভাল পায়। কিন্তু এইবাৰ অধিক আচৰিত ধৰণৰ ঘটনাটো! এখন নতুন চলচ্চিত্ৰৰ বাবে ৰকেটত মহাকাশলৈ গৈ আছে হলিউডৰ অভিনেতাগৰাকী। তাতেই হ’ব ছবিৰ শ্বুটিং।
পৰিচালক ডৌ লিমানে কয় যে পৰিকল্পনাটো ইতিমধ্যে চূড়ান্ত হৈ আছিল। চলচ্চিত্ৰখন ষ্টুডিঅ’ত নহয়, মহাকাশতেই নিৰ্মাণ কৰা হ’ব। মহাকাশ কেন্দ্ৰটোৱে (স্পেচ ষ্টেশ্যন) তাত এক ডাঙৰ ভূমিকা পালন কৰিব।
অৱশ্যে মহামাৰীয়ে সকলো পানী কৰি পেলোৱাৰ পিছত তেওঁ এতিয়া পুনৰ সাজু হৈছে। সূত্ৰ সমূহৰ মতে অভিনেতা আৰু পৰিচালকে ইউনিভাৰ্চেল ফিল্মড এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ (ইউএফইজি) ক্ষেত্ৰ পৰিদৰ্শন কৰি আহিছে।
হাৰ নমনা টমৰ কেৰিয়াৰত এইটো এটা অবিলেখ সৃষ্টিকাৰী পদক্ষেপ হ’ব। তেওঁৱেই প্ৰথম অভিনেতা যিয়ে মহাকাশত ভৰি থব। তেওঁ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপ স্থিত হৈ অভিনয় কৰিব।
ইউএফইজিৰ অধ্যক্ষ ডোনা লেংলিও ইয়াকলৈ উৎসাহিত। তেওঁ কয়, “বেছিভাগ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ পৃথিৱীতে কৰা হ’ব। বাকী অংশ মহাকাশত!”
টম ক্ৰুজে যোৱা জুলাইত ৬০ বছৰত উপনীত হৈছে। মিছন ইম্পছিবল’ৰ পৰিচালক ক্ৰিষ্টোফাৰ মেক্যাৰীয়ে এখন বিৰল ছবি শ্বেয়াৰ কৰিছিল। য’ত অভিনেতাজনে ক্ষিপ্ৰতাৰে এক অবিশ্বাস্য ষ্টাণ্ট প্ৰদৰ্শন কৰিছিল। সেয়ে, নিৰ্মাতাসকল নিশ্চিত যে ৬০ বছৰ বয়সত প্ৰথম মহাকাশচাৰী অভিনেতা হোৱাটো টমৰ বাবেই সম্ভৱ।