NORTHEAST NOW (Assamese)

ৰাজনৈতিক আক্ৰোশ! : দিল্লী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছতেই অক্সিজেন লাভ দিল্লীৰ হস্পিতালসমূহৰ

April 21, 2021 12:04 pm · এন ই নাও নিউজ
Updated: April 21, 2021 12:26 pm

ব্যাপকৰূপত দ্বিতীয় ঢৌৰ কৰোনাৰ সংক্ৰমণে দিল্লীৰ কোভিড পৰিস্থিতি সংকটজনক কৰি তোলাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যোৱা মংগলবাৰে কেন্দ্ৰই অক্সিজেন বিতৰণত দিল্লীৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ তুলি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

দিল্লীৰ চিকিৎসালয়সমূহত কৰোনা ৰোগীক চিকিৎসাৰ বাবে অক্সিজেনৰ নাটনি হোৱা বুলি ঘোষণা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বাৰম্বাৰ কেন্দ্ৰক অক্সিজেন যোগান ধৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু কেন্দ্ৰই দিল্লী চৰকাৰৰ অনুৰোধৰ উপেক্ষা কৰি আহিছিল।

ইয়াৰ পিছতে দিল্লীৰ শোচনীয় কোভিড পৰিস্থিতিৰ বাবে অৰবিন্দ কেজৰিৱালে ৰাজ্যখনত মজুত থকা অক্সিজেন অন্য ৰাজ্যক বিতৰণ বন্ধ কৰি তেওঁলোকক প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ত আৰ্জি পেচ কৰিছিল।

আনকি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে ৰাজ্যখনৰ মূল অক্সিজেন বিক্ৰেতা ইনোক্সে দিল্লীক নিদি উত্তৰ প্ৰদেশলৈ অক্সিজেন যোগান ধৰি আছে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অক্সিজেন প্লান্টৰ পৰা দিল্লীলৈ অক্সিজেন যোগান ধৰা বাট বন্ধ কৰি ৰাখিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী কিছু সংখ্যক বিশিষ্ট ব্যক্তিয়ে ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ত এই বৈষম্যৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে অক্সিজেনৰ অভাৱ আৰু সম্পদ বিতৰণত বৈষম্যমূলক আচৰণ বন্ধ কৰি বুধবাৰে কেন্দ্ৰীয় চৰকাৰক অৰ্থনৈতিক স্বাৰ্থই মানুহৰ জীৱনক অগ্ৰাহ্য কৰাতো উচিত হোৱা নাই বুলি মন্তব্য কৰি কয় যে ‘আমি দুৰ্যোগৰ দিশে আগবাঢ়িছো।’

ইয়া পিছতে যোৱা ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ আটাইবোৰ প্ৰধান প্ৰধান কোভিড হস্পিতালে অক্সিজেন লাভ কৰিবলৈ সক্ষম হৈছে।

Related News