নায়ক হ’ব খুজি খলনায়ক…! হত্যাৰ অভিযোগত পত্নীসহ গ্ৰেপ্তাৰ দক্ষিণৰ জনপ্ৰিয় অভিনেতা দৰ্শন

কানাড়া ভাষাৰ প্ৰখ্যাত চলচ্চিত্ৰ অভিনেতা দৰ্শন থূগুদীপা আৰু তেওঁৰ পত্নী পবিত্ৰ গৌড়াক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মঙলবাৰে আৰক্ষীয়ে প্ৰথমে দৰ্শন আৰু পিছত পবিত্ৰক গ্ৰেপ্তাৰ কৰে । কৰ্ণাটকৰ অতি জনপ্ৰিয় ৪৭ বছৰীয়া কানাড়া অভিনেতাগৰাকী আৰু তেওঁৰ পত্নীক প্ৰথমে মহীচুৰুৰ এটা ফাৰ্ম হাউছৰ পৰা গ্ৰেপ্তাৰ কৰি বেংগালুৰুলৈ অনা হয়।

দুয়োকে পৃথকে পৃথকে জেৰা কৰাত দুয়োৰে কথাবোৰ অসংলগ্ন হোৱাৰ বাবে আৰক্ষীৰ সন্দেহ আৰু অধিক তীব্ৰতৰ হৈ পৰে।

এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আন ১০জনকো জিম্মাত লৈছে আৰক্ষীয়ে।

জানিব পৰা মতে, যোৱা ৯ জুন তাৰিখে বেংগালুৰুৰ সুমনাহল্লী দলঙৰ সমীপত ৩৩ বছৰীয়া ৰেনুকাস্বামী নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁ চিত্ৰদুৰ্গাৰ এখন সুনাম ঔষধৰ দোকানত কাম কৰিছিল। দৰ্শনৰ দ্বিতীয় পত্নী পবিত্ৰলৈ এই লোকজনে গালি-গালাজ বাৰ্তা প্ৰেৰণ কৰিছিল। সোমবাৰে আৰক্ষীৰ হাতত ধৰা পৰা ৩ জন লোকে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁলোকে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি  দৰ্শনৰ নিৰ্দেশত ব্যক্তিজনক হত্যা কৰিছিল তেওঁলোকে।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে কানাড়া চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় নায়ক দৰ্শন। কেৱল অভিনয়েই নহয়, বাংগালুৰু চলচ্চিত্ৰ জগতৰ প্ৰযোজক আৰু বিতৰক হিচাপেও তেওঁৰ ৰাষ্ট্ৰীয় খ্যাতি আছে।

আনহাতে দৰ্শনৰ দ্বিতীয় পত্নী পবিত্ৰও এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰীও। ইয়াৰ পূৰ্বে দৰ্শনে প্ৰথম পত্নী বিজয়া লক্ষ্মীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে ১৪ দিন কাৰাগাৰত কটাবলগীয়া হৈছিল দৰ্শনে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰেনুকাস্বামীক দৰ্শনৰ গেৰেজত হত্যা কৰা হৈছে। একাধিক অস্ত্ৰৰে আঘাত কৰি হত্যা কৰাৰ সময়ত সেই স্থানত উপস্থিত আছিল অভিনেতাগৰাকী।

ইফালে মৃত যুৱকজনৰ মৃতদেহৰ অধিকাংশই কুকুৰে খাই পেলোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে প্ৰথমে সন্মুখৰ এটা বাসগৃহৰ নিৰাপত্তাৰক্ষীৰ পৰা এই তথ্য লাভ কৰে।

আজি কৰ্ণাটকৰ গৃহমন্ত্ৰীয়ে কয় যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নেকি সেয়া তদন্তৰ অন্ততহে ক’ব পৰা যাব।