• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওড়িশাত এনকাউণ্টাৰত নিহত কুখ্যাত মাওবাদী গণেশ উইকে; মূৰৰ মূল্য আছিল ১.১ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2025 4:40 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ অৰণ্যত ইটোৰ পিছত সিটো এনকাউন্টাৰ। মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে কমেও ছয়জন মাওবাদী নিহত হয়। ইয়াৰ ভিতৰত আছে মাওবাদীৰ শীৰ্ষ নেতা গণেশ উইকে। বৃহস্পতিবাৰে এই তথ্য নিশ্চিত কৰে প্ৰশাসনিক বিষয়াসকলে। কান্ধমাল জিলাৰ দুটা ভিন্ন এলেকাত সংঘটিত হয় এই সংঘৰ্ষ।

বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে ওড়িশাৰ বনাঞ্চলত এক বৃহৎ অভিযান চলোৱা হয়। বুধবাৰে নিশা গুম্মা বনাঞ্চলত সংঘটিত হয় প্ৰথমটো এনকাউন্টাৰ। এই অঞ্চলটো বেলঘৰ থানাৰ অন্তৰ্গত। সেই এনকাউণ্টাৰত দুজন মাওবাদী নিহত হয়।

Apply Now

তাৰ পিছত বৃহস্পতিবাৰে পুৱা চাকাপদ থানাৰ অন্তৰ্গত হাবিত দ্বিতীয়টো এনকাউণ্টাৰ সংঘটিত হয়। তাত নিৰাপত্তা বাহিনীয়ে আৰু চাৰিজন মাওবাদীক নিহত কৰে। এই চাৰিজনৰ ভিতৰত আছে কুখ্যাত মাওবাদী নেতা গণেশ উইকে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৬৯ বছৰীয়া গণেশ উইকে চি পি আই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। তেওঁৰ মূৰৰ মূল্য ৰখা আছিল ১.১ কোটি টকা। তেওঁ দীৰ্ঘদিন ধৰি ওড়িশা আৰু চুবুৰীয়া ৰাজ্যসমূহত মাওবাদী কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উইকেক বিভিন্ন নামেৰে জনা গৈছিল – পাক্কা হনুমন্তু, ৰাজেশ তিৱাৰী, চামৰু আৰু ৰূপা। আৰক্ষীয়ে জনোৱা মতে, তেওঁ তেলেংগানাৰ নালগোণ্ডা জিলাৰ পুলেমাল্লা গাঁৱৰ বাসিন্দা আছিল।

এনকাউণ্টাৰৰ স্থানৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদ। ইয়াৰ ভিতৰত আছে দুটা INSAS ৰাইফল আৰু এটা .303 ৰাইফল। অৱশ্যে বাকী থকা মাওবাদীসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ওড়িশাৰ ডিজিপি যোগেশ বাহাদুৰ খুৰাণিয়াই দাবী কৰিছে যে এই অভিযান ৰাজ্যখনৰ বাবে এক বৃহৎ সফলতা। সংবাদমেলত তেওঁ কয়, ‘বুধবাৰে দুজন মাওবাদী আৰু বৃহস্পতিবাৰে পুৱা চাৰিজন মাওবাদীক নিহত কৰা হৈছে। কেন্দ্ৰীয় সমিতিৰ এজন সদস্যৰ মৃত্যু মাওবাদীৰ বাবে ডাঙৰ আঘাত। ইয়াৰ ফলত ওড়িশাত তেওঁলোকৰ সংগঠনৰ মেৰুদণ্ড ভাঙি গৈছে।’ তেওঁৰ মতে, কান্ধমাল-গঞ্জাম আন্তঃজিলা সীমান্ত অঞ্চলত এতিয়াও এই অভিযান অব্যাহত আছে আৰু অধিক সফলতাৰ আশা আছে। তেওঁ লগতে দাবী কৰে যে শেহতীয়াকৈ ওড়িশাত মাওবাদীৰ বিৰুদ্ধে চলোৱা এই অভিযান অন্যতম বৃহৎ অভিযান।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ নিৰ্মূলৰ বাবে নিৰ্ধাৰিত সময়সীমা পূৰণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে দৃঢ়প্ৰতিজ্ঞ বুলিও ডিজিপিয়ে কয়।

এই অভিযানৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খোদ নিৰাপত্তা বাহিনীক প্ৰশংসা কৰিছে। এক্স-ত লিখিছে যে এই সফলতা নক্সালবাদ নিৰ্মূলৰ পথত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। তেওঁ দাবী কৰে যে এই অগ্ৰগতিৰ লগে লগে ওড়িশা কাৰ্যতঃ নক্সালমুক্ত হোৱাৰ উপক্ৰম হৈছে। তেওঁ স্পষ্ট বাৰ্তা দিছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্য। মুঠতে ওড়িশাৰ বনাঞ্চলত এই অভিযানৰ পিছত নক্সালবাদ দমন কৰাত প্ৰশাসনে বৃহৎ সফলতা দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd