• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চিলাপথাৰ কাণ্ড’, দেশদ্ৰোহিতা-হত্যাৰ গোচৰত অভিযুক্ত প্ৰাৰ্থীকে ধৰি দ্বিতীয় পৰ্য্যায়ত মুঠ ৫০গৰাকী প্ৰাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 17, 2019 6:34 am
Aparadhi MP

গোচৰ থকা সাংসদ প্ৰাৰ্থীসকল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ, অৰ্থাৎ ১৮ এপ্ৰিলত ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত ৫টা সমষ্টিত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব ৫০ গৰাকী প্ৰাৰ্থীৰ। ইয়াৰে ৩গৰাকী মহিলা, ১৯জন নিৰ্দলীয় প্ৰাৰ্থী।

নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টিকেইটা হ’ল নগাওঁ, স্বায়ত্তশাসিত জিলা, শিলচৰ, কৰিমগঞ্জ আৰু মঙলদৈ।

Apply Now

কাইলৈ ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে বৰ্তমানো আদালতত চলি আছে বিভিন্ন অপৰাধৰ গোচৰ। প্ৰাৰ্থীকেইগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত দাখিল কৰা শপতনামাত স্পষ্টকৈ উল্লেখ কৰা আছে তেওঁলোকৰ গোচৰবোৰৰ বিষয়ে।

এই ক্ষেত্ৰত কেওগৰাকীৰ ভিতৰত আগত আছে ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’।

হৰেন সিং বেৰ বিৰুদ্ধে আছে দুটাকৈ গুৰুতৰ অপৰাধমূলক গোচৰ। ডিফু আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৬৫/৩৪/৩৬৮/৩৬৪/১২০(বি)১২১/১২২/১২৩ নং ধাৰাত ৪৩/৯৭ ত গোচৰ ৰুজু হৈছিল।

একেটা বৰ্ষতে ডিফু আৰক্ষী থানাতে বে’ৰ আনটো গোচৰো ৰুজু হৈছিল। ভাৰতীয় দণ্ডবিধিৰি  ৪৪৮/৩৬৪(এ)/৩৪/১২০(বি)/১২০(এ)/১২২/১২৩/৩৬৮/৩০২(১-০ আৰ্মচ এক্ট) নং ধাৰাত ১৯৩/৯৭ ত ৰুজু হৈছিল গোচৰ।

বিজেপিৰ প্ৰাৰ্থী বে’ৰ বিৰুদ্ধে হত্যা, অপহৰণ, ধন দাবী, ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, ৰাষ্ট্ৰদোহ ইত্যাদি গোচৰত বৰ্তমানো অভিযুক্ত।

ইপিনে চিলাপথাৰৰ আছুৰ কাৰ্য্যালয় লণ্ডভণ্ড কাণ্ডত ঘটনাটোৰ মূল নায়ক সুবোধ বিশ্বাসৰ সংগী সহদেব দাসৰ বিৰুদ্ধেও আছে অপৰাধমূলক গোচৰ। তেওঁৰ বিৰুদ্ধে আছে বে-আইনীভাৱে সংগঠিত হোৱা, বিনা অনুমতিত আনৰ সম্পত্তিত প্ৰৱেশ, হত্যাৰ ভাবুকি আৰু সম্পত্তি ধ্বংসৰ গোচৰ। বৰ্তমানো ধেমাজি ছেছন আদালতত গোচৰটো চলি আছে।

দাস ১০ নং নগাওঁ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী।

ইয়াৰোপৰি, ১ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নকল নথি-পত্ৰ ব্যৱহাৰকাৰী তথা জালিয়াতিৰ অভিযোগত অভিযুক্ত। তেওঁৰ বিৰুদ্ধে চলিত বৰ্ষতে ভাৰতীয় দণ্ডিবিধিৰ ১৯৬/৩৭০/৩৭১ নং ধাৰাত ৯২/১৯ নম্বৰত কাটলিচেৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল। বৰ্তমানো তেওঁৰ বিৰুদ্ধে গোচৰ প্ৰক্ৰিয়া শেষ হোৱা নাই।

শিলচৰ সমষ্টিৰ সাংসদ তথা বৰ্তমানৰ প্ৰাৰ্থী সুস্মিতা দেবৰ বিৰুদ্ধেও ৩০৩/২০১০ নম্বৰত শিলচৰৰ আৰ. দেব দণ্ডাধীশত পৰিবেশ সুৰক্ষা আইন ১৯৮৬ আৰু পৌৰসভাৰ কঠিন জাৱৰৰ তথ্য যোগানত অৱজ্ঞা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। বৰ্তমানো এই গোচৰ চলি আছে।

আনহাতে, দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ২৬ গৰাকী। বাকী ২৪ গৰাকী প্ৰাৰ্থী স্নাতক ডিগ্ৰীতকৈ কম শিক্ষাগত অৰ্হতাযুক্ত প্ৰাৰ্থী।

দুটাকৈ প্ৰধান ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিৰ পাঁচোটা সমষ্টিৰে প্ৰাৰ্থীসকলৰ ভিতৰত ভুৱনেশ্বৰ কলিতা (কংগ্ৰেছ, মঙ্গলদৈ), সুস্মিতা দেব (কংগ্ৰেছ, শিলচৰ), প্ৰদ্যুত বৰদলৈ (কংগ্ৰেছ, নগাওঁ), ৰাজদ্বীপ ৰয় (শিলচৰ, বিজেপি), বীৰেনছিং ইংতি(ডিফু, কংগ্ৰেছ) স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

মন কৰিবলগীয়া যে, মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছৰ ৪ গৰাকী প্ৰাৰ্থীৰ বিপৰীতে বিজেপিৰ এগৰাকী প্ৰাৰ্থীহে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪ গৰাকী প্ৰাৰ্থীয়েই স্নাতক ডিগ্ৰীধাৰী নহয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd